গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ : ২০ ছেপ্তেম্বৰত ৰাজ্যজুৰি মুক্তি লাভ কৰিব ৰীমা দাসৰ নতুন অসমীয়া ছবি বুল বুল কেন ছিং । বুল বুল কেন ছিং আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয়খন চলচ্চিত্ৰ।

বুল বুল কেন ছিঙে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি ছবিখনে ৰজত কমল বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল ।

উল্লেখযোগ্য যে ২০১৮ চনৰ টৰেণ্ট’ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই বুল বুল কেন ছিঙে মুক্তি লাভ কৰিছিল। ছবিখনে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হওঁতে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

ছবিখন শ্ৰেষ্ঠ তিনি চলচ্চিত্ৰ মহোৎসৱৰ এখন বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈও নিৰ্বাচিত হৈছে। বোলছবিখনত তিনি গৰাকী কৈশোৰৰ লৈংগীক পৰিচয়ৰ লগত মুখামুখি আৰু তাৰ ফলত হোৱা সংঘাতক দেখুৱাবলৈ চেষ্টা কৰা হৈছে।