নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ নৱেম্বৰ : ফেনীৰ পিছত বংগোপসাগৰক এইবাৰ আন এক ঘূৰ্ণীবতাহে অশান্ত কৰি তুলিছে যাৰ প্ৰভাৱ কিছুপৰিমাণে হ’লেও অসমত পৰিছে।

বতৰ বিজ্ঞানীয়ে ‘বুলবুল’ নাম দিয়া এই ঘূৰ্ণীবতাহৰ ফলত উত্তৰ-পূৱত অৰ্থাৎ অসম, মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত শনিবাৰৰ পৰা ১২ নৱেম্বৰলৈ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ দিয়াৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

প্ৰথম অৱস্থাত ‘বুলবুল’ প্ৰতি ঘন্টাত ৯ কিলোমিটাৰ হৈ বৰ্তমান গতি ঘণ্টাত ১৪০ কিলোমিটাৰ হৈছেগৈ।

উল্লেখযোগ্য যে উৰিষ্যাৰ পিছতে কিছু মাহ পূৰ্বে তীব্ৰবেগেৰে পশ্চিমবংগ,বাংলাদেশ হৈ উত্তৰ-পূৰ্বাঞ্চললৈ গতি লোৱা বিধ্বংসী ফণীৰ প্ৰভাৱ অসমতো পৰিছিল যদিও বুলবুলৰ প্ৰভাৱ অসমত বিশেষ ভাবে নপৰে বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।