গুৱাহাটী, সংবাদ ৩৬৫, ৭ নৱেম্বৰ : মহানগৰীত চিটি বাছ চালকৰ উদণ্ড ৰূপ। চালকৰ ঠাইত হেণ্ডিমেন। বশিষ্ঠৰ গণেশ নগৰ তিনিআলিত চিটি বাছৰ মুখামুখি সংঘৰ্ষ।

এ এছ ০১ জিচি ৯১৪৮ নম্বৰৰ যুৱৰাজ আৰু এ এছ ০১ জিচি ০৭৫৭ নম্বৰৰ জামিলা নামৰ বাছদুখনৰ মুখামুখি সংঘর্ষ হয় যাৰ ফলত বাছৰ চালকৰ লগতে কেইবাজনো যাত্ৰীও আহত হয়।

যুৱৰাজ নামৰ বাছখন বেলতলা অভিমুখী আছিল আৰু আৰু বশিষ্ঠ অভিমুখী আছিল জমিলা নামৰ বাছখন।

দ্ৰুত বেগত অহাৰ বাবেই বাছ দুখনৰ মাজত সংঘৰ্ষ হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।