গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুন : ব্যৱসায়ীসকলে সন্মুখীন হোৱা সমস্যাসমূহ অনৈতিকভাৱে দহ গুণ বৃদ্ধি কৰা শ্ৰম অনুজ্ঞা পত্ৰ মাচুলৰ পুনৰ সংশোধন তথা বিভিন্ন বিষয়ৰ ওপৰত সদৌ অসম ব্যৱসায়ী সন্থাৰ মুখ্য আহ্বায়ক প্ৰাণতোষ ৰয়ৰ নেতৃত্বত সন্থাৰ এটা প্ৰতিনিধি বৰ্গই অসমৰ মুখ্য শ্ৰম আয়ুক্ত নাৰায়ণ কোঁৱৰক তেখেতৰ কাৰ্যালয়ত সাক্ষাৎ কৰি সন্থাৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

ইয়াৰোপৰি সদৌ অসম ব্যৱসায়ী সন্থাৰ বিভিন্ন ন্যায্য দাবীক সু মীমাংসা নোহোৱাৰ বাবে এক দুষ্ট চক্ৰই অহৰহ ব্যৱসায়ীসকলৰ স্বাৰ্থবিৰোধী কার্য কৰাৰ দৃষ্টি পৰিলক্ষিত হোৱা হেতুকে সদৌ ব্যৱসায়ী সন্থাই দুষ্টচক্ৰক ব্যৱসায়ীসকলৰ ন্যায্য দাবী বিৰোধী কোনো কাৰ্য নকৰাৰ বাবে সকীয়নী প্ৰদান কৰে।

উল্লেখযোগ্য ১৪/০৫/২০১৯ তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত এক আলোচনা হৈছিল আৰু আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে সন্থাৰ বিভিন্ন দাবী বিবেচনা কৰাৰ আশ্বাস দিছিল শ্ৰম আয়ুক্তক লগতে দাবী সমূহ অতি সোনকালে সমাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া বুলিও সন্থাৰ প্ৰতিনিধি বৰ্গক জানিবলৈ দিছিল।

সদৌ অসম ব্যৱসায়ী সন্থাই জানিবলৈ দিয়ে যে ব্যৱসায়ীসকলৰ ন্যায্য দাবীসমূহ অনতিপলমে সমাধান নহলে সন্থাই সমগ্ৰ অসমজুৰি এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব আৰু ইয়াৰ ফলত উদ্ভৱ হব পৰা যিকোনো ভয়ংকৰ পৰিস্থিতিৰ বাবে সদৌ অসম ব্যৱসায়ী সন্থা দায়ী নহয়।