গুৱাহাটী, ১৪ অক্টোবৰ, ২০২৫ : গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সত চলি থকা বি ডব্লিউ এফ (BWF) বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ মিক্সড দলীয় শাখাৰ খেল সফলতাৰে সমাপ্ত হোৱাৰ পাছত সোমবাৰৰ পৰা ব্যক্তিগত ইভেণ্টৰ ল’ৰা-ছোৱালীৰ একক আৰু উভয়ৰে ডাবলছ শাখা তথা মিক্সড ডাবলছৰ মেচসমুহ আৰম্ভ হৈছে৷ উল্লেখ্য যে দলীয় শাখাত বিশ্বৰ ৩৬ খন দেশে অংশ লৈছিল যদিও ব্যক্তিগত ইভেণ্টত দেশৰ সংখ্যা ৪৩ লৈ বৃদ্ধি হোৱাৰ লগতে খেলুৱৈৰ সংখ্যা হ’ল ৪৫২ গৰাকী৷

সুদীৰ্ঘ ২৫ বছৰৰ অপেক্ষাৰ পাছত মিক্সড টিম ইভেণ্টত প্ৰথমবাৰৰ বাবে ঐতিহাসিক ব্ৰঞ্জৰ পদক লাভ কৰি গৌৰৱ অৰ্জন কৰা ভাৰতৰ শ্বাটলাৰে ব্যক্তিগত ইভেণ্টতো প্ৰাৰম্ভিক মেচত প্ৰত্যাহ্বান অবিহনে প্ৰত্যাশিত আৰম্ভনি কৰিছে। ভাৰতৰ হৈ প্ৰথমখন মেচত অংশ লয় ল’ৰাৰ একক শাখাত লালথাজুৱালা হমাৰে৷ মিজোৰামৰ শ্বাটলাৰগৰাকীয়ে উগাণ্ডাৰ ডেনিছ মুকাছাক ১৫-৪, ১৫-৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰিবলৈ মাত্ৰ ১৪ মিনিটৰহে প্ৰয়োজন হয়৷

ইফালে, ল’ৰাৰ একক শাখাৰ আন এখন মেচত গ্নানা ডাট্টু টিটিয়ে প্ৰথম ছেটত পৰাস্ত হ’লেও তিনিটা ছেটৰ অন্তত হাংগেৰীৰ মিলান মেষ্টাৰহাজীক ৫-১৫, ১৫-৭, ১৫-৭ ৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে৷ আনহাতে, ছোৱালীৰ একক শাখাত এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় শ্বাটলাৰ ভেনালাই আয়াৰলেণ্ডৰ ছিঅ’ফ্ৰা ফ্লিনক হেলাৰঙে ১৫-১, ১৫-৬ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে৷

ইফালে, ডাবলছ ইভেণ্টত ভাৰতৰ চাৰিটা মিক্সড শাখাৰ যুটিৰ তিনিটাই ক’ৰ্টত নামে তথা সহজ জয়ৰে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়৷ বিষ্ণু কেধৰ কোডে আৰু কীৰ্তি মাঞ্চালাই ঘানৰ প্ৰতিদ্বন্দ্বীক ১৫-৭, ১৫-৮ ৰ ব্যৱধানত, লালৰামছাংগা আৰু তাৰিনি শ্বুৰিয়ে আয়াৰলেণ্ডৰ প্ৰতিদ্বন্দ্বীক ১৫-১৩, ১৫-৯ ৰ ব্যৱধানত তথা বংশ দেৱ আৰু ডায়েংকা ৱালডিয়াই ইংলণ্ডৰ যুটিক ১৫-৬, ১৫-১১ ৰ ব্যৱধানত পৰাস্ত কৰে৷

প্ৰতিযোগিতাখনৰ প্ৰথম দিনটোত অংশ লোৱা আন শীৰ্ষ খেলুৱৈসকলৰ ভিতৰত চীনৰ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী লিউ ছি য়া, ব্ৰাজিলৰ ব্ৰুনো এল’নছো, শ্ৰীলংকাৰ থিদাছা ৱেৰাগোডায়ো আশা কৰা ধৰণে পৰবৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়৷ মঙলবাৰৰ পৰা সকলো শীৰ্ষ বাচনিৰ খেলুৱৈয়ে নিজৰ অভিযান আৰম্ভ কৰিব আৰু ভাৰতীয়ৰ দৃষ্টি থাকিব ছোৱালীৰ একক তাৰকা ৰেংকিঙৰ এক নম্বৰ খেলুৱৈ তনভি শৰ্মা, অষ্টম বাচনিৰ উন্নতি হুদা আৰু অভিজ্ঞ ৰক্ষিতা শ্ৰীৰ ওপৰত৷