গুৱাহাটী, ১৭ অক্টোবৰ, ২০২৫ : গুৱাহাটীত চলি থকা বি ডব্লিউ এফ (BWF) বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ একক শাখাৰ অন্যতম পদক প্ৰত্যাশী ভাৰতৰ তনবি শৰ্মাই নিজৰ দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ তনবি শৰ্মাৰ লগতে ভাৰতৰ পদক জয়ৰ আশা সজীৱ ৰাখি পুৰুষ-মহিলাৰ কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হৈছে উন্নতি হুদা, টি জি ডাট্টু তালাছিলা তথা মিক্সড ডাবলচ যুটি ভাব্য চহাব্ৰা আৰু বিশাখা৷
আমিনগাঁওস্থিত নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্সত চলি থকা প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰি-কোৱাৰ্টাৰ ফাইনেলত বিশ্ব ৰেংকিঙৰ এক নম্বৰ খেলুৱৈ তনবিয়ে চীনৰ প্ৰতিদ্বন্দ্বী লী য়ুন ছুনক ১৫-৮, ১৫-৫ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে৷ মাত্ৰ ২৩ মিনিটতে বিপক্ষক আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰায় তনবিয়ে৷ ইফালে, মহিলাৰ একক শাখাৰ আন এখন মেচত ভাৰতৰ অষ্টম বাচনিৰ উন্নতি হুদায়ো ১৫-১০, ১৫-৭ ৰ ব্যৱধানত মালয়েছিয়াৰ কাৰিনা টীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰে পদক জয়ৰ দৌৰ অব্যাহত ৰাখিছে৷
প্ৰথম ছেটত উন্নতি আৰম্ভনিতে প্ৰত্যাহ্বানৰ সন্মুখিন হৈছিল যদিও ছন্দত অহাৰ লগে লগে ২৭ মিনিটত মেচ জয় কৰে৷ ইয়াৰপূৰ্বে দিনটোৰ প্ৰথম মেচত চমকপ্ৰদ জয়ৰে ভাৰতক প্ৰত্যাশিত আৰম্ভনি দিয়ে বাচনি বিহীন খেলুৱৈ টি জি ডাট্টু তালাছিলাই৷ পুৰুষৰ একক শাখাত একমাত্ৰ ভাৰতীয়ৰূপে প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰা তালাছিলাই ১৫-১২, ১৫-১৩ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে অষ্টম বাচনিৰ আমেৰিকাৰ গাৰেট টানক৷ দুৰন্ত প্ৰদৰ্শনৰে বিপক্ষ শ্বাটলাৰক চাপৰ সন্মুখিন কৰায় তালাছিলাই ৩০ মিনিটত বিজয়ী হাঁহি মাৰে৷
এই মেচৰ সমান্তৰালকৈ কাষৰ কৰ্টত চলি থকা মিক্সড ডাবলচৰ প্ৰি-কোৱাৰ্টাৰত আন এক অঘটন সৃষ্টিৰে ভাৰতৰ ভাব্য চহাব্ৰা আৰু বিশাখাই তৃতীয় বাচনিৰ ফ্ৰান্সৰ যুটি গাৰ্ডন আৰু আগাথিক তিনিটা ছেটৰ অন্তত পৰাস্ত কৰি অন্তিম আঠত স্থান নিশ্চিত কৰে৷ বিশ্ব ৰেংকিঙৰ ১৪ নম্বৰ যুটি ভাব্য আৰু বিশাখাই প্ৰথমটো ছেট ১২-১৫ ত পৰাস্ত হয় যদিও শক্তিশালী প্ৰত্যাৱৰ্তন কৰি পৰবৰ্তী ছেট দুটা ১৫-১১, ১৫-১২ ত জয়লাভেৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷
কিন্তু মহিলাৰ একক শাখাত তৃতীয় ভাৰতীয় শ্বাটলাৰৰূপে প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলা বিশ্ব ৰেংকিঙৰ ১০ নম্বৰ খেলুৱৈ ৰক্ষিতা শ্ৰী আজি শ্ৰীলংকাৰ চতুৰ্থ বাচনিৰ ৰাটিথমা লিয়ানাগিৰ বিৰুদ্ধে ১১-১৫, ৯-১৫ ৰ ব্যৱধানত পৰাস্ত হৈ বিদায় লয়৷ আনহাতে, মহিলাৰ ডাবলচ শাখাৰ প্ৰি-কোৱাৰ্টাৰত ভেনেলা-ৰেশিকা যুটিও ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১৬-১৪, ১২-১৫, ৮-১৫ ত পৰাস্ত হৈ বিদায় লয়৷
