শিলচৰ, ১৪ জুন, ২০২৪ : ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। কাছাৰ আৰক্ষীৰ অভিযানত ৬ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ (Drugs Seized)। আটক এগৰাকী মহিলাসহ তিনি ড্ৰাগছ সৰবৰাহকাৰী। এখন স্কুটিত অতি কৌশলেৰে লুকুৱাই আনিছিল বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট। ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰী মিজোৰামৰ বাসিন্দা। মিজোৰামৰ তিনি ড্ৰাগছ সৰবৰাহকাৰীয়ে নিচাযুক্ত টেবলেটখিনি কাছাৰলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীৰ অভিযানত জালত পৰে।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এখন স্কুটিৰ পৰা জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৬ কোটি টকা বুলি জানিব পৰা গৈছে। বুজন পৰিমাণৰ নিচাযুক্ত য়াবা টেবলেটসহ মিজোৰামৰ তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ এগৰাকী মহিলা।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান আৰু সফলতাৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ তিনি ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।

কাছাৰ জিলাৰ শিলচৰৰ ধলাইত এখন স্কুটিৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। স্কুটিখনৰ পৰা আৰক্ষীয়ে ২১ হাজাৰ নিচাযুক্ত য়াবা টেবলেট জব্দ কৰে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে এখন স্কুটিখনত তালাচী চলাই এই বুজন পৰিমাণৰ নিচাযুক্ত য়াবা জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত এই বুজন পৰিমাণৰ নিচাযুক্ত য়াবা টেবলেটখিনিৰ বজাৰ মূল্য ৬ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

ধলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত ধলাই আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত মিজোৰাম সীমান্তৱৰ্তী শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত মিজোৰাম ফালৰ পৰা আহি থকা এএছ-১১-জেড-৩৪০৪ নম্বৰৰ স্কুটিত তালাচী চলাই স্কুটিখনত অতি কৌশলেৰে প্লাষ্টিকৰ পেকেট লুকুৱাই অনা ২১ হাজাৰ য়াবা টেবলেট জব্দ কৰে। তিনি ড্ৰাগছ সৰবৰাহকাৰীয়ে এই বুজন পৰিমাণৰ নিচাযুক্ত য়াবা টেবলেটখিনি মিজোৰামৰ পৰা আনিছিল।

ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰী মিজোৰামৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ইয়াৰে এগৰাকী মহিলা। মিজোৰামৰ পৰা কাছাৰলৈ নিচাযুক্ত টেবলেটখিনি সৰবৰাহৰ চেষ্টা চলাওঁতে আৰক্ষীৰ জালত ধৰা পৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।