গুৱাহাটী, ৬ ডিচেম্বৰ, ২০২৫.: ৫ ডিচেম্বৰত আয়োজন কৰা বহু প্ৰত্যাশিত বাৰ্ষিক কেক মিক্সিং সমাৰোহেৰে উৎসৱৰ বতৰক আদৰণি জনালে ৰেডিছন ব্লু (Radisson Blu) গুৱাহাটীয়ে। এই উপলক্ষে আয়োজিত শুকুৰবাৰৰ উৎসৱমুখৰ আবেলিটোত একেলগে সন্মিলিত হয় বিশিষ্ট অতিথি, অংশীদাৰ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট মহিলাসকল। উল্লেখ্য যে, এই বছৰৰ গ্ৰেণ্ড কেক মিক্সিং সমাৰোহত বিশেষভাৱে সন্মানিত কৰা হয় সমাজক অনুপ্ৰাণিত কৰা, নেতৃত্ব দিয়া আৰু পথ প্ৰদৰ্শন কৰা মহিলাসকলক, যিয়ে এই প্ৰিয় ঐতিহ্যক এক অৰ্থপূৰ্ণ মাত্ৰা প্ৰদান কৰে।

অনুষ্ঠানটোত অংশগ্ৰহণকাৰীসকলে হোটেল কৰ্তৃপক্ষৰ সৈতে মিলি শুকান ফল, বাদাম, মছলা আৰু সুৰাৰ এক আড়ম্বৰপূৰ্ণ মিশ্ৰণ প্ৰস্তুত কৰে, যিয়ে সমৃদ্ধি, আনন্দ আৰু উৎসৱৰ আগমনৰ ইংগিত দিয়ে। লাইভ মিউজিক আৰু বিশেষভাৱে তৈয়াৰ কৰা সুস্বাদু খাদ্যৰ দ্বাৰা অনুষ্ঠানৰ পৰিৱেশটো উছাহপূৰ্ণ হৈ উঠে। মহিলা উদ্যোগী, পেছাদাৰী, শিল্পী, গৃহিণী আৰু সফল ব্যক্তিসকলৰ উপস্থিতিয়ে উদযাপনত এক বিশেষ ৰূপ দিয়ে, যিয়ে সন্মিলিত অনুভৱ আৰু সামাজিক বন্ধনৰ প্ৰতি হোটেলখনৰ প্ৰতিশ্ৰুতি তুলি ধৰে।

এই উপলক্ষে ৰেডিছন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোট্ৰাই কয়, “আমাৰ কেক মিক্সিং সমাৰোহ সদায় আনন্দ আৰু আগ্ৰহৰ এক বিশেষ মুহূৰ্ত হৈ আহিছে। এই বছৰ, ই বিশেষভাৱে অৰ্থপূৰ্ণ হৈ উঠিছে, কিয়নো যিসকল মহিলাই নিজৰ অৱদানেৰে জীৱনৰ প্ৰতিটো ক্ষেত্ৰ উজ্বলাই তোলে, তেওঁলোকক আমি সন্মান জনাবলৈ সক্ষম হৈছোঁ। এই পৰম্পৰাই ঐক্য আৰু আশাক প্ৰতিনিধিত্ব কৰে, আৰু এনে এক অনুপ্ৰেৰণাদায়ক গোটৰ সৈতে এই আনন্দ ভাগ কৰি আমি অতি আনন্দিত অনুভৱ কৰিছোঁ।”

তেওঁ পুনৰ কয়, “কেক মিক্সিং হৈছে এক সুন্দৰ ৰীতি, যিয়ে উৎসৱৰ বতৰৰ আৰম্ভণিকে চিহ্নিত কৰে। যিবোৰ সোৱাদ পিছলৈ বৰদিনৰ আনন্দ হৈ পৰে, সেইবোৰ প্ৰস্তুত কৰাটো আনন্দ আৰু সহযোগৰ ওপৰত প্ৰতিষ্ঠিত এক প্ৰক্ৰিয়া। এই বছৰৰ মিশ্ৰণ প্ৰস্তুত কৰাত আমাৰ সৈতে যোগদান কৰা সকলোৰে প্ৰতি আমি কৃতজ্ঞ, বিশেষকৈ সেই অসাধাৰণ মহিলাসকলৰ ওচৰত, যিসকলে এই সমাৰোহটোক আৰু অধিক স্মৰণীয় কৰি তুলিলে।” বৰদিনৰ কেইবা সপ্তাহ আগতে খ্ৰীষ্টমাছ পুডিং প্ৰস্তুত কৰা এই পুৰণি ৰীতিৰ শিপাডাল অটুট ৰাখি, কেক মিক্সিং সমাৰোহ আজিও উষ্মতা, সমৃদ্ধি আৰু সকলোৱে মিলি কৰা উদযাপনৰ প্ৰতীক হৈ আহিছে।

বিগত বহু বছৰৰ পৰাই এই পৰম্পৰা সগৌৰৱেৰে অক্ষুন্ন ৰাখি আহিছে ৰেডিছন ব্লুয়ে, আৰু এই পৰম্পৰাই অতিথিসকলৰ মনত গভীৰ সাঁচ পেলাই প্ৰদান কৰি আহিছে এক সুকীয়া অভিজ্ঞতা। শুকুৰবাৰৰ এই উদযাপনৰ জৰিয়তে ৰেডিছন ব্লু গুৱাহাটীয়ে পুনৰ এবাৰ পৰম্পৰা, সমাজ আৰু আন্তৰিক আতিথ্যক একত্ৰিত কৰা, অৰ্থপূৰ্ণ আৰু নিমজ্জিত উৎসৱ সমাৰোহ আয়োজন কৰাৰ নিজৰ ঐতিহ্যক শক্তিশালী কৰে।