দুৰাৰোগ্য কেন্সাৰক পৰাস্ত কৰি  নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ ছবি জগতলৈ ঘূৰি আহিছে ইলু ইলু গাৰ্ল মনীষা কৈৰালা৷ ‘ডিয়াৰ মায়া’ নামৰ হিন্দী ছবিখনেৰে মনীষাই আৰম্ভ কৰিব দ্বিতীয় ইনিংছ৷ ১৯৯১ চনত মুক্তি পোৱা সুভাষ ঘাইৰ সৌদাগৰ নামৰ ছবিখনেৰে হিন্দী ছবি জগতত খোজ পেলাইছিল নেপালী সুন্দৰী মনীষা কৈৰালাই৷ বোম্বে, খামুছি, মন, অকলে হম অকলে তুম, দিল ছে’ৰ দৰে ছবিত প্ৰশংসনীয় অভিনয় কৰা মনীষা হঠাৎ নাইকিয়া হৈ যায় হিন্দী ছবি জগতখনৰ পৰা৷ ২০১২ চনত জৰায়ুৰ কেন্সাৰত আক্ৰান্ত হৈ মনীষা চিকিৎসাৰ বাবে বিদেশলৈ যায়৷ প্ৰায় দুবছৰ কেন্সাৰৰ লগত যুদ্ধ কৰি ২০১৫ চনত কেন্সাৰক পৰাস্ত কৰি কেন্সাৰ মুক্ত হৈ এতিয়া মনীষা আকৌ ঘূৰি আহিছে হিন্দী ছবি জগতলৈ৷ অভিনেতা সঞ্জয় দত্তৰ জীৱনৰ ওপৰত আধাৰিত ছবিত সঞ্জয় দত্তৰ মাতৃ নাৰ্গিছৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব মনীষাক৷ কিন্তু এই ছবিখনৰ আগতে মুক্তি পাব মনীষাৰ আন এখন ছবি ‘ডিয়াৰ মায়া’৷ ‘ডিয়াৰ মায়া’ত মনীষাক এগৰাকী বৃদ্ধ মহিলাৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব৷ ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ মুক্তি পাইছে আৰু ট্ৰেইলাৰে ভাল সঁহাৰিও লাভ কৰিছে৷ ছবিখন চলিত বৰ্ষৰ ১ জুনত মুক্তি লাভ কৰিব৷