নিউজ ডেস্ক, ২৭ এপ্ৰিল, ২০২৫ : যাত্ৰী সুৰক্ষা বৃদ্ধি আৰু বাধাহীন ৰে’ল পৰিচালন নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই উচ্চ-ক্ষমতাসম্পন্ন চিচিটিভি কেমেৰা স্থাপনৰ জৰিয়তে লেভেল ক্ৰছিং (LC) গেটসমূহত নিৰীক্ষণ শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। লেভেল ক্ৰছিঙত ৰে’ল পৰিচালনৰ সৈতে সম্পৰ্কিত বিপদাশংকা দূৰ কৰাৰ অৰ্থে, গুৰুত্বপূৰ্ণ মণ্ডলসমূহৰ ২৮ খন এলচি গেটত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে।

ইয়াৰ ভিতৰত আলিপুৰদুৱাৰ মণ্ডলত ৪ টা, লামডিং মণ্ডলত ১৭ টা আৰু তিনিচুকীয়া মণ্ডলত ৭ টা চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। এইসমূহে ৰে’ল কৰ্মচাৰীসকলক গেটৰ কাম-কাজ সক্ৰিয়ভাৱে নিয়ন্ত্ৰণ কৰিবলৈ আৰু যান বাহনৰ অননুমোদিত প্ৰৱেশ বা অন্যান্য বাধাৰ দৰে সম্ভাৱ্য বিপদ প্ৰতিৰোধ কৰিবলৈ সক্ষম কৰি তুলিছে। এই পদক্ষেপটো মানৱীয় ত্ৰুটি হ্ৰাস, ক্ৰছিঙত দুৰ্ঘটনা হ্ৰাস আৰু সুৰক্ষিত, বাধাহীন ৰে’ল চলাচল নিশ্চিত কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিস্তৃত ব্যৱস্থাৱলীৰে এক অংশ।

ক্ৰছিংসমূহত চিচিটিভি কভাৰেজে সতৰ্কতাৰ বৃদ্ধি কৰি জৰুৰীকালীন সঁহাৰি দ্ৰুত কৰে আৰু ডাটা চালিত সুৰক্ষা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহায়ক হয়। ইয়াৰ উপৰিও, কাটিহাৰ, আলিপুৰদুৱাৰ, লামডিং আৰু তিনিচুকীয়া মণ্ডলৰ ৰে’লৱে সুৰক্ষা বাহিনী পোষ্টসমূহত ৯ টা ইণ্টাৰনেট প্ৰটোকল আধাৰিত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। তদুপৰি, দূৰৱৰ্তী চিগনেলিং স্থানত নিৰীক্ষণ শক্তিশালী কৰাৰ বাবে আলিপুৰদুৱাৰ মণ্ডলৰ হাচিমাৰা-কালচিনি খণ্ডৰ আইবিএছ (ইণ্টাৰমিডিয়েট ব্লক চিগনেলিং) হাটসমূহত ৬ টা কেমেৰা স্থাপন কৰা হৈছে। ইয়াৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ প্ৰচেষ্টাৰ অংশ হিচাপে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ মণ্ডলসমূহৰ গুৰুত্বপূৰ্ণ এলচি গেটসমূহত ইণ্টাৰলকিং প্ৰণালী ৰূপায়ণ কৰিছে, যাতে গেটসমূহ ৰে’ল চলাচলৰ সৈতে সম্পূৰ্ণৰূপে সুসংগত হয়।

এই প্ৰণালীয়ে বেৰিয়াৰসমূহক সমীপলৈ অহা ৰে’লৰ সৈতে পোনপটীয়া সমন্বয় স্থাপনৰ ক্ষেত্ৰত সহায় কৰে তথা সুগম আৰু সুৰক্ষিত ক্ৰছিং নিশ্চিত কৰে। এই প্ৰযুক্তিৰ একত্ৰিতকৰণেৰে, উত্তৰ পূব সীমান্ত ৰে’লৱে পৰিচালন সুৰক্ষা অনুকূল কৰি আৰু যাত্ৰী আৰু ট্ৰেক ব্যৱহাৰকাৰী উভয়ৰে বাবে বৰ্ধিত সুৰক্ষা প্ৰদান কৰে। ইয়াৰ উপৰিও, কাটিহাৰ, আলিপুৰদুৱাৰ, লামডিং আৰু তিনিচুকীয়াৰ এলচি গেটসমূহত ২৯ খন স্লাইডিং বুম বেৰিয়াৰ প্ৰৱৰ্তন কৰা হৈছে, যি সুৰক্ষাৰ অতিৰিক্ত স্তৰ প্ৰদান কৰে। লগতে, আন্তঃগাঁথনি অধিক উন্নত আৰু সুৰক্ষিত ক্ৰছিং নিশ্চিত কৰাৰ বাবে লামডিং মণ্ডলৰ ১৫ খন এলচি গেটত ৰবৰযুক্ত চাৰ্ফেচিং প্ৰৱৰ্তন কৰা হৈছে।

এই উন্নীতকৰণে বাহন পিছলি যোৱাৰ আশংকা হ্ৰাস কৰাৰ লগতে পথ ব্যৱহাৰকাৰীসকলৰ বাবে সুৰক্ষিত, অধিক দক্ষ ক্ৰছিং নিশ্চিত কৰি সামগ্ৰিক ৰোড ট্ৰেক ইণ্টাৰফেচ উন্নত কৰিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেই মানুহৰ জীৱন সুৰক্ষিত আৰু পৰিচালন সুৰক্ষাৰ সৰ্বোচ্চ মানদণ্ড বজাই ৰখাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। এই পদক্ষেপসমূহে আন্তঃগাঁথনিৰ আধুনিকীকৰণ, নিৰাপত্তা বৃদ্ধি আৰু সকলো যাত্ৰীৰ বাবে এক সুৰক্ষিত, নিৰৱচ্ছিন্ন আৰু আৰামদায়ক ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সমৰ্পিত প্ৰচেষ্টাকে প্ৰতিফলিত কৰিছে।