নিউজ ডেস্ক, ১৩ অক্টোবৰ, ২০২৫ : ভাৰতৰ আগশাৰীৰ টায়াৰ নিৰ্মাতা কোম্পানী (CEAT)য়ে আয়োজন কৰে CEAT ক্ৰিকেট ৰেটিং (চি চি আৰ) এৱাৰ্ডৰ ২৭ সংখ্যক সংস্কৰণ। এই গাম্ভীৰ্যপূৰ্ণ সন্ধিয়াটোত একেলগে সন্মিলিত হয় ক্ৰিকেট জগতৰ কিংবদন্তি, নতুন প্ৰজন্মৰ তাৰকা আৰু বিশিষ্ট অতিথিসকল। বিগত বছৰৰ শ্ৰেষ্ঠ কৃতিত্বক সন্মান জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এই অনুষ্ঠান। গৌৰৱ, পৰম্পৰা আৰু তাৰকাময় খ্যাতিৰ সমন্বয়ৰে চি চি আৰ এৱাৰ্ডে পুনৰবাৰ প্ৰমাণ কৰে যে ই ক্ৰিকেটৰ জগতৰ অন্যতম শ্ৰেষ্ঠ সন্মান।

অনুষ্ঠানত নিজৰ মত প্ৰকাশ কৰি আৰ পি জি গ্ৰুপৰ অধ্যক্ষ হৰ্ষ গোৱেংকাই কয়, “চি চি আৰ এৱাৰ্ডৰ প্ৰতিটো সংস্কৰণে ক্ৰিকেটৰ চিৰন্তন মনোমোহা শক্তিৰ কথা আমাক সোঁৱৰাই দিয়ে। এজন ক্ৰিকেটপ্ৰেমী হিচাপে মই গভীৰভাৱে উপলব্ধি কৰোঁ যে পৰিসংখ্যা আৰু ৰেকৰ্ডৰ বাহিৰেও, নিষ্ঠা, কলাত্মকতা আৰু অটল ইচ্ছাশক্তিৰ কাহিনীয়ে এই খেলক অমৰ কৰি ৰাখে। CEATৰ বাবে এইটো অপৰিসীম গৌৰৱৰ বিষয় যে আমি সেইসকল খেলুৱৈক সন্মান জনাবলৈ সুযোগ পাইছো, যিসকলে নিজৰ দৃঢ়তা আৰু সমৰ্পণেৰে ক্ৰিকেটৰ সৌন্দৰ্য্যক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁলোকৰ এই যাত্ৰাৰ সহযাত্ৰী হোৱাটো আমাৰ সৌভাগ্য।”

CEAT ক্ৰিকেট ৰেটিঙৰ মুখ্য বিচাৰক তথা ক্ৰিকেটৰ কিংবদন্তি তাৰকা সুনীল গাভাস্কাৰে কয়, “চি চি আৰ এৱাৰ্ডৰ স্বতন্ত্ৰতা নিহিত আছে ইয়াৰ নিৰপেক্ষ আৰু স্বচ্ছ প্ৰক্ৰিয়াত, যাৰ জৰিয়তে প্ৰদৰ্শনৰ মূল্যায়ন আৰু সন্মান প্ৰদান কৰা হয়। প্ৰায় তিনি দশক ধৰি এই মঞ্চ ক্ৰিকেটৰ শ্ৰেষ্ঠ কৃতিত্বৰ এক বিশ্বাসযোগ্য মাপকাঠী হৈ আহিছে। এই বছৰৰ স্বীকৃতিপ্ৰাপকসকলে তেওঁলোকৰ অসাধাৰণ কলা, অদম্য সাহস আৰু অটল ধৈৰ্য্যৰে খেলখনক আলোকিত কৰি তুলিছে। তেওঁলোকৰ এই গুণ আৰু দক্ষতাসমূহে সহযোগী খেলুৱৈ আৰু ক্ৰিকেটপ্ৰেমীসকলক একেদৰে অনুপ্ৰাণিত কৰে।”

CEAT লাইফটাইম এচিভমেণ্ট এৱাৰ্ডপ্ৰাপক ব্ৰায়ান লাৰাই কয়, “এনে এক গৌৰৱময় মঞ্চত এই সন্মান লাভ কৰাটো সঁচাকৈয়ে এক অনন্য অনুভৱ। মোৰ ক্ৰিকেট যাত্ৰা এনেদৰে স্মৰণীয় আৰু সমাদৃত হোৱা দেখি মই নথৈ আনন্দিত অনুভৱ কৰিছো। এই স্বীকৃতি মোৰ কঠোৰ পৰিশ্ৰম, প্ৰস্তুতি আৰু দলটোৰ সামূহিক প্ৰচেষ্টাৰ প্ৰতিফলন। এই স্বীকৃতিৰ বাবে মই CEATৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।”

CEATৰ বছৰটোৰ লাইফটাইম এচিভমেণ্ট এৱাৰ্ড বিজয়ী বি এছ চন্দ্ৰশেখৰে কয়, “এই বঁটাটোৰ তাৎপৰ্য মোৰ বাবে অপৰিসীম। কিয়নো ই এনে এক মঞ্চৰ পৰা প্ৰদান কৰা হৈছে যিয়ে ক্ৰিকেটৰ শ্ৰেষ্ঠতম প্ৰতিভাসকলক সন্মানিত কৰি আহিছে, আৰু মই বিগত বহু বছৰৰ পৰাই এই মঞ্চখন পৰ্যবেক্ষণ কৰি আহিছো। এই স্বীকৃতিয়ে মোক বিনম্ৰ কৰি তোলাৰ লগতে মোক অনুপ্ৰাণিত কৰিছে। মই আশা কৰোঁ, এই সন্মানে আৰু অধিক খেলুৱৈক ক্ৰিকেটৰ অপাৰ সম্ভাৱনাৰ প্ৰতি বিশ্বাসী হ’বলৈ উৎসাহিত কৰিব।”

২৭ সংখ্যক CEAT ক্ৰিকেট ৰেটিং এৱাৰ্ড কেৱল সন্মানিত খেলুৱৈসকলৰ কৃতিত্বৰ বাবেই নহয়, অনুষ্ঠানৰ অপৰূপ ভৱ্যতাৰ বাবেও সৰ্বত্ৰে প্ৰশংসা লাভ কৰে। এই মহৎ আয়োজনে ক্ৰিকেট সমাজ, উদ্যোগৰ নেতৃবৃন্দ আৰু সাংস্কৃতিক ব্যক্তিত্বসকলক একত্ৰিত কৰি খেলখনৰ গভীৰ আবেগ আৰু ঐক্যৰ প্ৰতিফলন ঘটাবলৈ সক্ষম হয়।

মন কৰিবলগীয়া যে, সম্পূৰ্ণ CEAT ক্ৰিকেট ৰেটিং এৱাৰ্ডৰ লগতে ৰেড কাৰ্পেট অনুষ্ঠান অহা ১০ অক্টোবৰত ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় টেষ্ট মেচৰ খেল শেষ হোৱাৰ পিছত ষ্টাৰ স্প’ৰ্টছ আৰু জিঅ’হটষ্টাৰত সম্প্ৰচাৰিত হ’ব।

২০২৫ বৰ্ষৰ চিইএটি ক্ৰিকেট ৰেটিং এৱাৰ্ডৰ বিজয়ীসকলৰ তালিকাঃ

CEAT বৰ্ষশ্ৰেষ্ঠ ঘৰুৱা ক্ৰিকেটাৰ: হৰ্ষ ডুবে
CEAT বৰ্ষশ্ৰেষ্ঠ পুৰুষ টেষ্ট বেটাৰ: হেৰী ব্ৰুক
CEAT বৰ্ষশ্ৰেষ্ঠ টেষ্ট বলাৰ: প্ৰবাথ জয়সূৰ্য্য
উদীয়মান বৰ্ষশ্ৰেষ্ঠ যুৱ খেলুৱৈ: অংকৃশ ৰঘুবংশী
CEAT মহিলা আন্তঃৰাষ্ট্ৰীয় বৰ্ষশ্ৰেষ্ঠ বলাৰ: দীপ্তি শৰ্মা
CEAT মহিলা আন্তঃৰাষ্ট্ৰীয় বৰ্ষশ্ৰেষ্ঠ বেটছমেন: স্মৃতি মান্ধানা
CEAT বছৰটোৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড: বি এছ চন্দ্ৰশেখৰ
CEAT পুৰুষ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় বৰ্ষশ্ৰেষ্ঠ বলাৰ: মেট হেনৰী
CEAT পুৰুষ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় বৰ্ষশ্ৰেষ্ঠ বেটাৰ: কেন উইলিয়ামছন
CEAT ২০২৫ত ভাৰতীয় খেলুৱৈৰ সৰ্বাধিক ৰানৰ স্মাৰক: শ্ৰেয়ছ আয়াৰ
CEAT পুৰুষ টি-২০ আন্তঃৰাষ্ট্ৰীয় বৰ্ষশ্ৰেষ্ঠ বেটাৰ: সঞ্জু ছেমছন
CEAT পুৰুষ টি-২০ আন্তঃৰাষ্ট্ৰীয় বৰ্ষশ্ৰেষ্ঠ বলাৰ: বৰুণ চক্ৰৱৰ্তী
CEAT ২০২৫ত অধিনায়ক হিচাপে জয়লাভৰ স্মাৰক: ৰোহিত শৰ্মা
CEAT পুৰুষ বৰ্ষশ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ: জো ৰুট
CEAT লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড: ব্ৰায়ান লাৰা
CEAT অনুকৰণীয় নেতৃত্বৰ বঁটা: টেম্বা বাভুমা