নিউজ ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ। মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধাৱ ঠাকৰে সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ বাবে মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক। মহাৰাষ্ট্ৰত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি উদ্ধাৱ ঠাকৰে সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে।

মহাৰাষ্ট্ৰ আৰক্ষীয়ে প্ৰথমে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক মহাৰাষ্ট্ৰৰ ৰত্নাগিৰীৰ পৰা আটক কৰি পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে সোমবাৰে জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধাৱ ঠাকৰেক চৰিয়াম বুলি মন্তব্য কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকলৈ কৰা এনে আপত্তিজনক মন্তব্যৰ পিছতে মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল।

শিৱসেনাৰ কৰ্মকর্তা সকলে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেৰ বিৰুদ্ধে পুনে, মহাগড় আৰু নাসিকত এজাহাৰ দাখিল কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে বিৰুদ্ধে দাখিল কৰা এজাহৰৰ ভিত্তিত নাসিকৰ আৰক্ষী আয়ুক্ত দীপক পাণ্ডে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক ৰত্নাগিৰীৰ চিপলুনৰ পৰা আটক কৰি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে।

ইফালে দীপক পাণ্ডে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে ৰত্নাগিৰী আদালতত অগ্ৰিম জামিনৰ বাবে আবেদন জনাইছিল যদিও ৰত্নাগিৰী আদালতে জামিন আবেদন খৰিজ কৰিছিল। বোম্বে উচ্চ ন্যায়ালয়ে নাৰায়ণ ৰাণেৰ জামিন আবেদনৰ তৎকাল শুনানী গ্ৰহণ নকৰে।