গুৱাহাটী, ৩ নৱেম্বৰ, ২০২৩ : পুৱাৰ ভাগতে ব্যস্ত মহানগৰীত সংঘটিত হৈছে ডকাইতি কাণ্ড (Robbery in Guwahati)। বৃহস্পতিবাৰে এটা আৰু শুকুৰবাৰে আনটো ডকাইতি কাণ্ড সংঘটিত হয় মহানগৰী গুৱাহাটীত। পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে চেইন। হেঙেৰাবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰু চচলত হৈছে ডকাইতি কাণ্ড দুটা। বাইকেৰে আহি দুৰ্বৃত্তই কাঢ়ি নিয়ে দুগৰাকী মহিলাৰ ডিঙিৰ পৰা চেইন।

মহানগৰী গুৱাহাটীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক ঘটনা। চুৰি, ডকাইতি, হত্যা, ধৰ্ষণ যেন সাধাৰণ ঘটনাত পৰিণত হৈছে মহানগৰী গুৱাহাটীত। নিশাৰ ভাগত নহয়, দিনৰ পোহৰতে মহানগৰীত সংঘটিত হ’বলৈ ধৰিছে এটাৰ পিছত আনটো অপৰাধমূলক ঘটনা। অপৰাধীৰ ঘাটিত পৰিণত হোৱা মহানগৰীত শুকুৰবাৰে পুৱাৰ ভাগতে সংঘটিত হৈছে ডকাইতি কাণ্ড।

মহানগৰীত এতিয়া সুৰক্ষিত নহয় সৰ্বসাধাৰণ ৰাইজ। মহানগৰীত যি কোনো সময়তে আপুনি সন্মুখীন হ’ব পাৰে ডকাইতৰ। আপোনাক পিষ্টল দেখুৱাই দুৰ্বৃত্তই অতি সহজে লুটি নিব পাৰে আপোনাৰ ধন। শুকুৰবাৰে পুৱাৰ ভাগত ইয়াৰে এক উদাহৰণ দেখিবলৈ পোৱা গ’ল মহানগৰী গুৱাহাটীত। দুগৰাকী মহিলাক দুৰ্বৃত্তই দিনৰ পোহৰতে পিষ্টল দেখুৱাই লুটি নিলে। বাইকেৰে অহা দুৰ্বৃত্তই মহিলা দুগৰাকী পিষ্টল দেখুৱাই ডিঙিৰ চেইন কাঢ়ি নিয়ে।

প্ৰথমটো ঘটনা সংঘটিত হয় হেঙেৰাবাৰীস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত। হেঙেৰাবাৰীস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত থকা নামঘৰ পথত এগৰাকী মহিলা সন্তানক বিদ্যালয়লৈ থবলৈ যোৱাৰ সময়ত এজন যুৱকে মহিলা গৰাকীক পিষ্টল দেখুৱাই মহিলা গৰাকীৰ ডিঙিৰ চেইন কাঢ়ি নিয়ে। ইয়াৰ পিছতে আন এজন যুৱক উক্ত স্থানত বাইক লৈ উপস্থিত হৈ চেইন কাঢ়ি নিয়া যুৱকজনক লৈ উধাও হয়।

আনফালে চচলত সংঘটিত হয় আনটো ডকাইতি কাণ্ড। বাইকেৰে অহা দুৰ্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি উধাও হয়। বৃহস্পতিবাৰে চচলত সংঘটিত হৈছিল এই ডকাইতি কাণ্ডৰ ঘটনা। বাইকেৰে অহা দুৰ্বৃত্তই মহিলা গৰাকীক পিষ্টল দেখুৱাই মহিলা গৰাকীৰ ডিঙিৰ পৰা চেইন কাঢ়ি উধাও হয়। উল্লেখ্য যে মহানগৰী গুৱাহাটীত বিগত সময়ত মহিলাৰ অলংকাৰ লুটি নিয়াৰ কেইবাটাও ঘটনা সংঘটিত হৈছে।