নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩ ডিচেম্বৰ : চেন্নাইৰ এগৰাকী অভিযন্তাক দিছে ছানমুগা সুব্ৰমনিয়নৰ সহায়ত অৱশেষত নাছাই ভাৰতৰ চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ সন্ধান উলিয়ালে ।

চন্দ্ৰপৃষ্ঠত সন্ধানহীন চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ ফটো লুণাৰ ৰিকনেইছেন্স অৰ্বিটাৰে প্ৰেৰণ কৰিছে নাছালৈ। নাছাই টুইটাৰযোগে এই ফটো ইতিমধ্যে প্ৰকাশ কৰিছে ।

চন্দ্ৰযান–২ৰ বিক্ৰম লেণ্ডাৰ ধ্বংস হোৱা স্থানৰ ৭৫০ মিটাৰ দূৰত ধৰা পৰিছে ইয়াৰ ধ্বংসাৱশেষ। নাছাই নিশা প্ৰায় ১.৩০ বজাত চন্দ্ৰযান–২ৰ বিক্ৰম লেণ্ডাৰৰ ধ্বংসপ্ৰাপ্ত হোৱা স্থানৰ ফটো প্ৰকাশ কৰে। নাছাই প্ৰকাশ কৰা ফটোত নীলা আৰু সেউজীয়া চিহ্নৰে বিক্ৰম লেণ্ডাৰৰ ধ্বংসাৱশেষ দেখুওৱা হৈছে।

নাছাই কয় যে লুণাৰ ৰিকনেইছেন্স অৰ্বিটাৰ (LRO)-এ লেণ্ডাৰ বিক্ৰমৰ তিনিটা টুকুৰা ধৰা পেলাইছে।

নাছাই নিজৰ বিবৃতিত জানিবলৈ দিয়ে যে ছানমুগা সুব্ৰমনিয়ন নামৰ এজন লোকে ধ্বংসাৱশেষ চিনাক্ত কৰে। তেওঁ এল আৰ অ’ প্ৰজেক্টৰ সৈতে সম্পৰ্ক স্থাপন কৰে। ছানমুগাই ধ্বংসপ্ৰাপ্ত স্থানৰ উত্তৰ–পশ্চিম দিশত প্ৰায় ৭৫০ মিটাৰ দূৰত ধ্বংসাৱশেষৰ চিনাক্ত কৰে।