নিউজ ডেস্ক, ১৩ নৱেম্বৰ, ২০২৫ : সুৰক্ষা বৃদ্ধি আৰু ৰে’ল তথা পথ সংযোগ সুনিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই চাপৰমুখস্থিত (Chaparmukh) লেভেল ক্ৰছিং গেট নং এছটি-৩৩ ৰ পৰিৱৰ্তে এখন নতুন ৰোড অ’ভাৰ ব্ৰিজৰ (আৰঅ’বি) নিৰ্মাণ সফলতাৰে সম্পূৰ্ণ কৰিছে। এই আৰঅ’বিখন ১১ নৱেম্বৰ, ২০২৫ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গ আৰু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰে।
এই আৰঅ’বিখন কাৰ্যক্ষম হৈ উঠাৰ লগে লগে লেভেল ক্ৰছিং নং এছটি-৩৩ স্থায়ীভাৱে বন্ধ কৰা হৈছে। নতুনকৈ উদ্বোধন কৰা আৰঅ’বিখনে ৰহাক (এনএইচ-২৭)ক চাপৰমুখ ৰে’লৱে জংচনৰ সৈতে আৰু তাৰ পিছত পশ্চিম কাৰ্বি আংলঙৰ সৈতে সংযোগ কৰি অঞ্চলটোত যোগাযোগ ব্যৱস্থা উন্নত কৰি যাতায়ত সহজ হৈছে। প্ৰায় ৮৪.৬ কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই সেঁতুখনৰ মুঠ দৈৰ্ঘ্য ১১৭৯ মিটাৰ।
এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পটোৱে ২০ লাখৰো অধিক যাত্ৰীক উপকৃত কৰিব বুলি আশা কৰা হৈছে, যিয়ে বছৰি প্ৰায় ১৬ লাখ বাহনৰ সুগম চলাচল নিশ্চিত কৰিব। এই আৰঅ’বিখন সম্পূৰ্ণ হোৱাৰ লগে লগে লেভেল ক্ৰছিঙৰ অসুবিধা দূৰ কৰি পথ সুৰক্ষা বৃদ্ধিৰ লগতে অঞ্চলটোত দ্ৰুত আৰু বাধাহীন ৰে’ল চলাচল নিশ্চিত কৰিব। এই আৰঅ’বিখন মুকলি হোৱাৰ লগে লগে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং মণ্ডলৰ নিৰ্ধাৰিত লক্ষ্যৰ আঠখনৰ ভিতৰত পাঁচখন লেভেল ক্ৰছিং সফলভাৱে বন্ধ কৰা হৈছে।
এই পদক্ষেপ অঞ্চলটোত ৰে’ল সুৰক্ষা আৰু আন্তগাঁথনি উন্নয়নৰ দিশত আন এক বৃহৎ সফলতা হিচাপে পৰিগণিত হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীৰ নিৰাপত্তা বৃদ্ধি আৰু পৰিচালনগত দক্ষতা উন্নত কৰিবলৈ নিজৰ অধিক্ষেত্ৰৰ অধীনত লেভেল ক্ৰছিঙৰ পৰিৱৰ্তে অধিক সংখ্যক ৰোড অভাৰ ব্ৰিজ (আৰঅ’বি) আৰু ৰোড আণ্ডাৰ ব্ৰিজ (আৰইউবি) নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে।
