অনলাইন ডেস্ক, ২৪ এপ্ৰিলঃ চত্তীশগড়ৰ সুকমাত মাওঁবাদীৰ আক্ৰমণত চিআৰপিএফৰ ২৪ জন জোৱান শ্বহীদ হোৱাৰ লগতে কেইবাজনো জোৱান গুৰুতৰ ভাবে আহত হয়৷ উল্লেখ্য যে, চিআৰপিএফৰ ৭৪ বি বেটেলিয়নৰ এটা দলক সুকমাৰ ছিতাগুফাত পথ নিৰ্মানৰ নিৰাপত্তাৰ কামত নিয়োজিত কৰা হৈছিল৷ দলটোৱে জিলা আৰক্ষীৰ লগত ছিতাগুফা থানা এলেকাত পেট্ৰলিংত যোৱাৰ সময়ত বুৰকাপাল এলেকাত মাওঁবাদীৰ এটা দলে অৰ্তকিতে আক্ৰমণ কৰে আৰু জোৱানসকলৰ অস্ত্ৰ লুট কৰি লৈ যায়৷ আক্ৰমনৰ বাতৰি লাভ কৰাৰ লগে লগে প্ৰশাসনে ঘটনাস্থলীলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰি জোৱানসকলক তৎকালীন ভাবে উদ্ধাৰ কামত নিয়োজিত কৰে৷  গুৰুতৰ ভাবে আহত জোৱানসকলক চিকিৎসাৰ কাৰণে হেলিকপ্তাৰ যোগে ৰায়পুৰলৈ প্ৰেৰণ কৰা হয়৷ মাওঁবাদীৰ অৰ্তকিত আক্ৰমণৰ বাতৰি লাভ কৰাৰ লগে লগে চত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে দিল্লী ভ্ৰমণৰ কাৰ্যসূচী আধাতে স্থগিত ৰাখি ৰায়পুৰলৈ যাত্ৰা কৰে৷ তেওঁ ৰায়পুৰত এক জৰুৰীকালীন মিটিংৰ আয়োজন কৰে৷