গুৱাহাটী, ১৮ অক্টোবৰ, ২০২৪ : ঘৰত খেলা মেচত প্ৰথমে গল কৰি অগ্ৰগতি লোৱাৰ পাছতো পইণ্ট হেৰুৱালে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে৷ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰে (ISL) বৃহস্পতিবাৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হোৱা এখন মেচত দুবাৰৰ চেম্পিয়ন চেন্নাইয়ান এফ চিয়ে ৩-২ গলত পৰাস্ত কৰে গুৱাহাটীৰ দলটোক৷ খেলৰ পাঁচ মিনিটতে পাৰ্থিৱ গগৈৰ সহায়ত নেষ্টৰে গল কৰি নৰ্থ ইষ্ট ইউনাইটেডক অগ্ৰগতি দিয়ে৷ উল্লেখ্য যে চলিত ছিজনত নৰ্থ ইষ্ট ইউনাইটেডে খেলা পাঁচখন মেচৰ প্ৰতিখনতে প্ৰথমে গল কৰিবলৈ সক্ষম হৈছে৷

কিন্তু মোহন বাগান, কেৰালা ব্লাষ্টাৰ্ছ আৰু এফ চি গোৱাৰ বিৰুদ্ধে খেলা মেচৰ দৰেই আজিও নৰ্থ ইষ্ট ইউনাইটেডে অগ্ৰগতি ধৰি ৰাখিবলৈ সক্ষম নহ’ল৷ উভয় দলে আক্ৰমণ-প্ৰত্যাক্ৰমন কৰি থকাৰ সময়তে খেলৰ ২৫ মিনিটত চেন্নাইয়ানে লাভ কৰা কৰ্ণাৰ কিক জৰ্ডানে দৰ্শনীয় হেডেৰে গল কৰি মেচত সমতা স্থাপন কৰে৷ এয়া হৈছে চলিত ছিজনত চেন্নাইয়ানে প্ৰথমাৰ্ধত কৰা প্ৰথমটো গল৷ চতুৰ্থ মেচত এই সফলতা লাভ কৰা দলে খেলৰ ৩৬ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডৰ অধিনায়ক জ’বাকোৰ ভুলৰ বাবে পেণাল্টি লাভ কৰে আৰু লুকাছে গল কৰি বিৰতিলৈ চেন্নাইয়ানক ২-১ ত আগুৱাই ৰাখে৷

অৱশ্যে প্ৰথমাৰ্ধত চেন্নাইয়ানৰ হৈ ইৰফানে দুটা তথা নৰ্থ ইষ্ট ইউনাইটেডৰ আলাইডিন আৰু পাৰ্থিৱে গল কৰাৰ সুন্দৰ সুযোগ পায়ো ব্যৰ্থ হয়৷ দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত নৰ্থ ইষ্ট ইউনাইটেডৰ অপেছাদাৰীত্ব খেলৰ সুযোগ লৈ চেন্নাইয়ানে অগ্ৰগতি ৩-১ কৰে৷ এই গলো অভিজ্ঞ জৰ্ডানেই দিয়ে৷ খেলৰ ৮৩ মিনিটত চেন্নাইয়ানৰ লালডিনলিনাক ৰেফাৰী ৰঙা কাৰ্ড (দুখন হালধীয়া) দেখুৱাই আৰু দলে দহজনৰে খেলিব লগা হয়৷ ইয়াৰ সুযোগ হৈ ঘৰুৱা দলে চাপ বৃদ্ধি কৰে৷ ৮৯ মিনিটত নৰ্থ ইষ্ট দলে পেনাল্টি লাভ কৰাত আলাইডিনে গল কৰি ব্যৱধান ৩-২ কৰে৷ উল্লেখ্য যে ক্ৰমাগত পাঁচখন মেচত গল কৰাৰ গৌৰৱ অৰ্জন কৰিলে আলাইডিনে৷ আই এছ এলত এলানোৰ পাছত এই সফলতা লাভ কৰা আলাইডিন দ্বিতীয় খেলুৱৈ৷

কিন্তু বাকী সময়খিনি চেন্নাইয়ানে অনন্য খেল খেলি তিনি পইণ্ট নিশ্চিত কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে প্ৰথমাৰ্ধত অগ্ৰগতি লোৱাৰ পাছত চেন্নাইয়ানে যোৱা এঘাৰখন মেচতে জয়লাভ কৰিছিল৷ নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধেও দলৰ ইতিহাস গৌৰৱময়ে আছিল৷ উভয় দলে পৰৱৰ্তী মেচ ঘৰত খেলিব৷ চেন্নাইয়ানে অহা ২৪ অক্টোবৰত চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এফ চি গোৱাৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ২৬ অক্টোবৰত বিয়লি পাঁচ বজাত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’বলগা মেচত নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰতিদ্বন্দ্বী জামছেদপুৰ এফ চি৷