গুৱাহাটী, ৮ এপ্ৰিল, ২০২৫ : ডিজিটেল পৃথিবীত (Digital World) শিশুৰ অধিকাৰ ৰক্ষাৰ পদক্ষেপ হিচাপে অসম আৰক্ষীয়ে ‘শিশু মিত্ৰ কাৰ্যসূচী’ৰ জৰিয়তে পি আই আই আৰ ফাউণ্ডেছনৰ সহযোগত আৰু ইউনিছেফ ইণ্ডিয়াৰ সমৰ্থনত ইন্টাৰনেটত শিশুৰ অধিকাৰ সন্দৰ্ভত দেশৰ ভিতৰতে প্ৰথমখন আলোচনাচক্ৰ গুৱাহাটীৰ হোটেল নভ’টেলত অনুষ্ঠিত কৰে৷ ইন্টাৰনেটে কিদৰে শৈশৱক প্ৰভাৱিত কৰিছে আৰু জৰুৰীভাৱে, সহানুভূতিশীলভাৱে আৰু নিৰ্দিষ্ট লক্ষ্য লৈ দেশখন কিদৰে আগবঢ়া উচিত সেইবিষয়ে ইয়াত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে আলোচনা কৰে৷

আলোচনা-চক্ৰত মূল ভাষণ প্ৰদান কৰি অসম আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে কয় যে ইন্টাৰনেটৰ ক্ষতিকৰ দিশবোৰৰ পৰা আমাৰ শিশুক সুৰক্ষা দি আমি ইয়াৰ সুফলবোৰ আদায় কৰিব লাগে৷ তেওঁ পিতৃ-মাতৃ আৰু শিশুৰ মাজত বিশ্বাস-নিৰ্ভৰ যোগাযোগ গঢ়ি উঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয়,’এই বিশ্বাসে পিতৃ-মাতৃ আৰু সন্তানৰ মাজত মুকলি ভাৱ বিনিময়ৰ পথ মুকলি কৰে আৰু সন্তানৰ সুৰক্ষা নিশ্চিত কৰে৷’ অসম আৰক্ষীয়ে শিশুৰ ডিজিটেল অধিকাৰ ৰক্ষাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাৰ্তা নিজ নিজ ঘৰ, বিদ্যালয়, সম্প্ৰদায় আৰু সমাজলৈ কঢ়িয়াই নিয়াৰ বাবে উপস্থিত সকলোকে তেওঁ আহ্বান জনায়৷

অভিনেত্ৰী তথা সন্তান প্ৰতিপালনৰ ইনফ্লুৱেন্সাৰ নেহা ধুপিয়াই আলোচনাচক্ৰত ভাগ লৈ ডিজিটেল পৃথিৱীত মাতৃ হিচাপে লাভ কৰা অভিজ্ঞতা বৰ্ণনা কৰে৷ অনলাইনত নিজৰ সন্তানৰ ফটো আদি শ্বেয়াৰ কৰি আজিৰ অভিভাৱকে লাভ কৰা অভিজ্ঞতাৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে বাখ্যা কৰে৷ অসম আৰক্ষীৰ #DontBeASharent অভিযানে ডিজিটেল যুগত দায়িত্বশীলভাৱে সন্তান লালন-পালন সন্দৰ্ভত বিশ্বজুৰি আলোচনাৰ বাট মুকলি কৰা বুলি তেওঁ কয়৷ নেহা ধুপিয়াই সামাজিক মাধ্যমত সন্তানৰ ফটো অত্যধিক শ্বেয়াৰ কৰা আৰু শিশুৰ ডিজিটেল মৰ্যাদা ৰক্ষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,’আপোনাৰ সন্তানৰ সকলো খবৰ অনলাইনত উপলব্ধ কৰাৰ দৰকাৰ নাই৷’ শিশুৰ অধিকাৰ, অনুমতি আৰু গোপনীয়তা ডিজিটেল পেৰেন্টিঙৰ মূল বিষয় হৈ পৰা কাৰ্যক তেওঁ প্ৰশংসা কৰে৷

আলোচনা-চক্ৰখনৰ অন্যতম কাৰ্যসূচী হিচাপে আধুনিক সময়ৰ সন্তান প্ৰতিপালনৰ আৱেগিক দৃশ্যপটৰ আধাৰত অভিনেতা কপিল বৰা আৰু অভিনেত্ৰী জেৰিফা ৱাহিদে প্ৰদৰ্শন কৰা এক অনুষ্ঠানে সকলোৰে মন স্পৰ্শ কৰে৷ আলোচনা-চক্ৰত শিশুৰ অফলাইন আৰু অনলাইন জীৱনৰ মাজত কেনেকৈ সংযোগ স্থাপন কৰিব পাৰি আৰু ডিজিটেল পৃথিবীত শিশুৰ অধিকাৰৰ আইনী ব্যৱস্থা, শিক্ষা প্ৰতিষ্ঠান আৰু পৰিয়ালে কেনেদৰে সুৰক্ষিত কৰিব সেই সন্দৰ্ভত আলোচনা কৰা হয়৷ পি আই আই আৰ ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক ছালিক খানে ডিজিটেল যুগত সন্তান প্ৰতিপালন সন্দৰ্ভত আলোচনা কৰি ভাৰতৰ শিশুক কেনেদৰে ইন্টাৰনেটত ব্যৱহাৰ কৰা হয় সেই সন্দৰ্ভত শেহতীয় গৱেষণাৰ বিভিন্ন দিশত আলোকপাত কৰে৷ ‘ইনফেন্টচিয়া’ই অধিক সহানুভূতিশীল, শিশুৰ অধিকাৰ-নিৰ্ভৰ পদক্ষেপত গুৰুত্ব দিয়াৰ লগতে অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে শিশুৰ বাবে সুৰক্ষা নিশ্চিত কৰাৰ দিশত অসম আৰক্ষীৰ দায়বদ্ধতা নিশ্চিত কৰিছে৷