গুৱাহাটী, সংবাদ ৩৬৫, ১৪ জুন : গুৱাহাটী পাঞ্জাবাৰী নামঘৰ পথত নাৰীদেহ ব্যৱসায়ী চক্ৰৰ ঘাটি উৎখাত কৰাৰ পিছতেই নিতৌ পোহৰলৈ আহিছে নতুন নতুন তথ্য। নাৰীদেহ ব্যৱসায়ী চক্ৰৰ গোচৰত কৃষি বিষয়া মদন মোহন দেউৰী ভৰালীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আৰক্ষীৰ জালত পৰিল এহাল দম্পত্তি।

গুৱাহাটীৰ সাতগাওঁৰ প্ৰগতি নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা দম্পত্তি হাল হৈছে মামণি নাথ আৰু মৃগেন নাথ। এই দম্পত্তি হলে ১৩ বছৰীয়া শিশুটিক এক মোটা অংকৰ ধনৰ বিনিময়ত বিভিন্ন গ্ৰাহকৰ হাতত তুলি দিছিল। ধৃত মদন মোহন দেউৰী ভৰালীৰ স্বীকাৰুক্তিৰ ভিত্তিত সাতগাও আৰক্ষীয়ে বুধবাৰে নিশা সাতগাওঁৰ প্ৰগতি নগৰৰ পৰা মামণি নাথ আৰু মৃগেন নাথ নামৰ দম্পত্তি হালক গ্ৰেপ্তাৰ কৰে। ধৃত দম্পত্তি হালৰ ঘৰৰ পৰা আৰক্ষীয়ে কন্দম আৰু উত্তেজনা মূলক টেবলেট জব্দ কৰে।

উল্লেখ্য যে, এগৰাকী ১৩ বছৰীয়া কন্যা শিশুক বলাৎকাৰ কৰি সাতগাওঁ আৰক্ষীৰ জালত পৰিল কৃষি বিভাগৰ এজন এছ ডি ও । গুৱাহাটীৰ উলুবাৰীৰ কৃষি বিভাগৰ আবাসীক এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা এছ ডি ও জন হৈছে মদন মোহন দেউৰী ভৰালী(৫৬)।

উল্লেখ্য যে, পাঞ্জাবাৰী নামঘৰ পথৰ বাসিন্দা মাইনা গোৱালাই ওচৰৰ এগৰাকী দাৰিদ্ৰ পৰিয়ালৰ ১৩ বছৰীয়া কন্যা শিশুক পঢ়োৱাৰ আৰু কাম বন কৰাম বুলি প্ৰতিশ্ৰুতিৰে নিজৰ ঘৰলৈ নিয়ে। ঘৰত নি মাইনা গোৱালাই শিশুটিক বলপূৰ্বক দেহ ব্যৱসায়ত নমাই দিয়ে। মাইনা গোৱালাই বিভিন্ন চৰকাৰী উচ্চ পদস্থ লোকৰ ঘৰলৈ নি শিশুটিক গতাই দি এক মোটা অংকৰ ধন আদায় লয়। তিনিমাহ পূৰ্বে কন্যা শিশুটিৰ পৰিয়ালে মাইনা গোৱালাৰ ঘৰৰ পৰা শিশুটিক নিবলৈ অহাত মাইনাই বাধা প্ৰদান কৰে। পৰিয়ালৰ লোকে বলপূৰ্বক ভাৱে শিশুটিক ঘৰলৈ লৈ যায়। ঘৰত গৈ শিশুটিয়ে পৰিয়ালৰ লোকক দেহব্যবসায়ত বলপূৰ্বক ভাৱে লিপ্ত কৰোৱাৰ সকলো কথা বিবৰি কয়।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে সাতগাওঁ থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত ৫৭/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত কৰি বিস্ফোৰক তথ্য লাভ কৰে। মাইনা গোৱালাই নিজৰ ঘৰৰ লগতে বিভিন্ন চৰকাৰী বিষয়াৰ ঘৰত শিশুতিক বলপূৰ্বক ভাৱে দেহব্যৱসায়ত লিপ্ত কৰাইছিল। এই সংক্ৰান্তত আৰক্ষীয়ে মূল অভিযুক্ত মাইনা গোৱালাক গ্ৰেপ্তাৰ কৰে।

ইয়াৰোপৰি, মাইনা গোৱালাৰ স্বীকাৰুক্তিৰ ভিত্তিত আৰক্ষীয়ে বুধবাৰে উলুবাৰীৰ কৃষি বিভাগৰ আবাসীক এলেকাৰ পৰা এছ ডি ও মদন মোহন দেউৰী ভৰালীক গ্ৰেপ্তাৰ কৰে। ধৃত এছ ডি ও জনে উলুবাৰীৰ কৃষি বিভাগৰ আবাসীক এলেকাৰ চৰকাৰী বাসভৱনত উৰে নিশা কন্যা শিশু গৰাকীক বালাৎকাৰ কৰিছিল। ইয়াৰ বিনিময়ত মাইনা গোৱালাই বিষয়া জনৰ পৰা মোটা অংকৰ ধন আদায় লৈছিল।

উক্ত গোচৰত আৰু কেইবাজনো চৰকাৰী বিষয়া গ্ৰেপ্তাৰ হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এই গোচৰত সাতগাওঁ আৰক্ষীয়ে ইতিমধ্যে আঠ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে, খানাপাৰাস্থিত কৃষি সঞ্চলাকালয় কাৰ্যালয়ত মদন মোহন দেউৰী ভৰালীয়ে এছ ডি ও হিচাপে কাৰ্য নিৰ্বাহ কৰি আছিল ।