আমগুৰি, ১ জানুৱাৰী, ২০২৪ : ফুলপানীছিগা অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বৃহত্তৰ জাঁজী-ফুলপানীছিগাবাসী ৰাইজৰ সহযোগত শ্বেতবিলাস ক্ষেত্ৰত ২৪ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতাৰ (Bhaona Competition) সফল সামৰণি পৰে। প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে, শিৱসাগৰ সন্মিলিত শিশু সাংস্কৃতিক মঞ্চই পৰিৱেশন কৰা “সিন্ধু মুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ” ভাওনাই।
দ্বিতীয় স্থান লাভ কৰে তিনিচুকীয়াৰ পদ্মনাথ সাংস্কৃতিক নাট্যগোষ্ঠীৰ “অম্বাৰ দেহ ত্যাগ” ভাওনাই, তৃতীয় স্থান দখল কৰে দুলীয়াজান ভাদৈ পাঁচ আলিৰ আলোক সমন্বয় নাট্যগোষ্ঠীৰ “দক্ষ যজ্ঞ” ভাওনাই, চতুৰ্থ স্থানত থাকে যোৰহাটৰ ডেকাগিৰি সাংস্কৃতিক সংঘৰ “ধ্ৰুৱ চৰিত্ৰ” ভাওনাই আৰু পঞ্চম স্থান লাভ কৰে টীয়কৰ বৰ্ণিল সাংস্কৃতিক গোষ্ঠীৰ “গৰুড়ৰ অমৃত হৰণ বিনতাৰ দাসীত্ব মোচন” ভাওনাই।
শ্ৰেষ্ঠ পূৰ্বৰঙ্গ “শ্ৰীকৃষ্ণৰ কুণ্ডীল যাত্ৰা” নাটে, দ্বিতীয় শ্ৰেষ্ঠ পূৰ্বৰঙ্গ “সিন্ধু মুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্বাৰ” নাটে লাভ কৰে৷ দোহাৰ হিচাপে শ্ৰেষ্ঠ নিৰ্বাচিত হয় “অম্বাৰ দেহ ত্যাগ” নাট আৰু দ্বিতীয় শ্ৰেষ্ঠ দোহাৰ হিচাপে নিৰ্বাচিত হয় “সিন্ধু মুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্বাৰ” নাট৷ শ্ৰেষ্ঠ গায়ন হিচাপে নিৰ্বাচিত হয় “অম্বাৰ দেহ ত্যাগ”, দ্বিতীয় শ্ৰেষ্ঠ গায়ন হিচাপে নিৰ্বাচিত হয় “কুৱালশ্ব উপাখ্যান”৷ শ্ৰেষ্ঠ বায়ন হিচাপে নিৰ্বাচিত হয় “গৰুড়ৰ অমৃত হৰণ বিনতাৰ দাসীত্ব মোচন” আৰু দ্বিতীয় শ্ৰেষ্ঠ বায়ন হিচাপে নিৰ্বাচিত হয় “নৃসিংহ যাত্ৰা”৷
শ্ৰেষ্ঠ ডবা বাদক হিচাপে নিৰ্বাচিত হয় “দক্ষ যজ্ঞ”, দ্বিতীয় শ্ৰেষ্ঠ ডবা বাদক হিচাপে নিৰ্বাচিত হয় “শ্ৰীকৃষ্ণৰ কুণ্ডীলযাত্ৰা”৷ শ্ৰেষ্ঠ বাঁহী বাদক হিচাপে নিৰ্বাচিত হয় “ৰাম পৰাজয় সীতাৰ পাতাল গমণ” আৰু দ্বিতীয় শ্ৰেষ্ঠ বাঁহী বাদক হিচাপে নিৰ্বাচিত হয় “কৈকেশী নন্দনৰ লংকা লাভ, বেদৱতী আখ্যান”৷ শ্ৰেষ্ঠ আঁৰিয়া হিচাপে নিৰ্বাচিত হয় “গৰুড়ৰ অমৃত হৰণ বিনতাৰ দাসীত্ব মোচন” আৰু দ্বিতীয় শ্ৰেষ্ঠ আঁৰিয়া হিচাপে নিৰ্বাচিত হয় “শ্ৰীকৃষ্ণৰ দ্বাৰকা লীলা”৷
শ্ৰেষ্ঠ আঁৰ কাপোৰ “সিন্ধু মুনিৰ পিতৃ ভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ”, দ্বিতীয় শ্ৰেষ্ঠ আঁৰ কাপোৰ “শ্ৰীৰাম পৰাজয়, সীতাৰ পাতাল গমন”। শ্ৰেষ্ঠ সূত্ৰধাৰ সন্মান লাভ কৰে “অম্বাৰ দেহ ত্যাগ” নাটে, দ্বিতীয় শ্ৰেষ্ঠ সূত্ৰধাৰৰ সন্মান লাভ কৰে “কৈকেশী নন্দনৰ লংকা লাভ,বেদৱতী আখ্যান” নাটে৷ শ্ৰেষ্ঠ ভগৱান “শ্ৰীৰামচন্দ্ৰ” (নাট-ভৰত বিদায়) আৰু দ্বিতীয় শ্ৰেষ্ঠ ভগৱান চৰিত্ৰ “নাৰায়ণ” (নাট-ধৃতৰাষ্টৰ দিগ্বিজয় গজকেতু উপখ্যান)৷ শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত হয় “শিৱ” (নাট-দক্ষ যজ্ঞ) আৰু দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত হয় “দশৰথ”(নাট-সিন্ধু মুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্বাৰ)৷
শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে নিৰ্বাচিত হয় “প্ৰভা” (নাট-ধৃতৰাষ্ট্ৰৰ দ্বীগবিজয় গজকেতু উপাখ্যান) আৰু দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে নিৰ্বাচিত হয় “অম্বা” (নাট-অম্বাৰ দেহ ত্যাগ)৷ শ্ৰেষ্ঠ পুৰুষ পাৰ্শ্ব চৰিত্ৰ “নাৰদ” (নাটঃ শ্ৰীকৃষ্ণৰ দ্বাৰকা লীলা), দ্বিতীয় শ্ৰেষ্ঠ পুৰুষ পাৰ্শ্ব চৰিত্ৰ “দীন দয়াল”(নাট-ধ্ৰুৱ চৰিত্ৰ)৷ শ্ৰেষ্ঠ মহিলা পাৰ্শ্ব চৰিত্ৰ “বিদুষণী” (নাট-ধ্ৰুৱ চৰিত্ৰ) আৰু দ্বিতীয় শ্ৰেষ্ঠ মহিলা পাৰ্শ্ব চৰিত্ৰ- “প্ৰসুতি”(নাট-দক্ষ যজ্ঞ)৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খলনায়ক “সিন্ধু মুনিৰ পিতৃ ভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ” নাটৰ সম্বাসুৰ আৰু দ্বিতীয় শ্ৰেষ্ঠ খলনায়ক “ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় গজকেতু উপখ্যান” নাটৰ “ত্ৰিশিৰাসুৰ”৷ শ্ৰেষ্ঠ খলনায়িকা “কৈকেশী” (নাট- কৈকেশী নন্দনৰ লংকা লাভ, বেদৱতী আখ্যান) আৰু দ্বিতীয় শ্ৰেষ্ঠ খলনায়িকা “দিতী” (নাট-নৃসিংহ অৱতাৰ)৷ শিশু চৰিত্ৰৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে “সিন্ধু মুনিৰ পিতৃ ভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ” নাটৰ “সিন্ধুমুনি”য়ে আৰু দ্বিতীয় শ্ৰেষ্ঠ শিশু চৰিত্ৰ পুৰস্কাৰ লাভ কৰে “ধ্ৰুৱ চৰিত্ৰ”ৰ “ধ্ৰুৱ”ই৷
ইফালে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ মুখা “নৃংসিংহ” (নাট-নৃসিংহ যাত্ৰা) আৰু দ্বিতীয় শ্ৰেষ্ঠ মুখা “হস্তি”(নাট-সিন্ধু মুনিৰ পিতৃ ভক্তি ,দশৰথৰ স্বৰ্গ উদ্ধাৰ)৷ শ্ৰেষ্ঠ মুখা চালকৰ পুৰস্কাৰ লাভ কৰে “সিন্ধু মুনিৰ পিতৃ ভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ” নাটৰ হস্তী মুখা চালকে৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ভাওনা নিৰ্দেশক সিন্ধু মুনিৰ পিতৃ ভক্তি, “দশৰথৰ স্বৰ্গ উদ্ধাৰ” নাট আৰু দ্বিতীয় শ্ৰেষ্ঠ ভাওনা নিৰ্দেশক “অম্বাৰ দেহ ত্যাগ” নাট৷ শ্ৰেষ্ঠ নাট্যৰূপকাৰ “ড° অকন চন্দ্ৰ শইকীয়া” (নাট-গৰুড়ৰ অমৃত হৰণ বিনতাৰ দাসীত্ব মোচন)৷ শ্ৰেষ্ঠ ৰূপসজ্জা “শ্ৰীৰাম পৰাজয় সীতাৰ পাতাল গমণ”৷ দ্বিতীয় শ্ৰেষ্ঠ ৰূপসজ্জা “ভৰত বিদায়” নাট৷ আনহাতে শ্ৰেষ্ঠ সাজসজ্জা পুৰস্কাৰ লাভ কৰে “গৰুড়ৰ অমৃত হৰণ বিনতাৰ দাসীত্ব মোচন” নাটে আৰু দ্বিতীয় সাজ সজ্জা পুৰস্কাৰ লাভ কৰে “একলব্য গুৰু দক্ষিণা” নাটে৷ প্ৰতিযোগিতাৰ বিচাৰক হিচাবে উপস্থিত থাকে দিগন্ত শইকীয়া, বাবুল বৰা, প্ৰদীপ শৰ্মা আৰু অবিস্মৃতা হাজৰিকা চাংমাই৷
উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অসীম দত্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয়৷ সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সমীৰণ ফুকন, মাজুলী কমলাবাৰী সত্ৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰভাত বুঢ়া ভকত, অসম মহিলা আয়োগৰ ৰাজ্যিক সদস্যা বিনীতা শইকীয়া দে’, যোৰহাটৰ বিশিষ্ট শল্য চিকিৎসক ডাঃ বিনুজ দত্ত, গুৱাহাটীৰ বিশিষ্ট সাংস্কৃতিক তথা সমাজকৰ্মী শিখা বেজবৰুৱা গোস্বামী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, শিৱসাগৰৰ সংঘ চালক কমলেশ্বৰ শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ সভাত প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান প্ৰাপক ভাওনা দলক ক্ৰমে নগদ পঞ্চাশ হেজাৰ, চল্লিশ হাজাৰ, ত্ৰিশ হাজাৰ, বিশ হাজাৰ আৰু দহ হাজাৰ টকা, এটি স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হয়৷ ইয়াৰোপৰি ব্যক্তিগত শাখাত স্থান প্ৰাপ্ত পঞ্চাশ গৰাকী প্ৰতিযোগীক নগদ ধন, মান পত্ৰ আৰু একোটিকৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়।