সোণতলী, ২৮ অক্টোবৰঃ দক্ষিণ কামৰূপৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত ২ নং দক্ষিণ ৰাংগাপানীত শিক্ষক, চৰকাৰী গাঁওবুঢ়া আৰু পুখুৰীৰ পৰা সোণতলী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চোৰাং চিমেন্টৰ বস্তা উদ্ধাৰ কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, শুক্ৰবাৰে বকোৰ ২ নং দক্ষিণ ৰাংগাপানীত আব্দুল হামিদ, জাকিৰ হুছেইন, জুলহাচ আলী আৰু মুন্নাফ আলীয়ে এখন পাঞ্জাৱ বডী ট্ৰাকত বৃহৎ পৰিমাণৰ চিমেন্টৰ বস্তা আনি নিজ বাসগৃহত ৰাখে। স্থানীয় লোকৰ সন্দেহ হোৱাত সমগ্ৰ বিষয়টো সোণতলী আৰক্ষীক অৱগত কৰে। সোণতলী আৰক্ষীয়ে বিষয়টোত ৰহস্যজনক ভাৱে নিষ্কিয় ভূমিকা গ্ৰহণ কৰাত স্থানীয় ৰূপালী ক্লাৱ আৰু পেৰাডাইচ ক্লাৱে ঘটনা সন্দৰ্ভত পৃথকে পৃথকে সোণতলী আৰক্ষী চকীত গোচৰ দিয়ে। সোণতলী আৰক্ষীয়ে উপায়ন্ত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখে৷ আনহাতে স্থানীয় লোকৰ তৎপৰতাৰ বিষয়ে জানিব পাৰি ব্যক্তিকেইজনে নিশাৰ ভিতৰতে বৃহৎ পৰিমাণৰ চিমেন্টৰ বস্তা অঞ্চলটোৰ কেবাটাও পুখুৰীত ডুবাই থয়। কিন্তু স্থানীয় লোকৰ তৎপৰতাত আৰু সোণতলী আৰক্ষীৰ তদন্তত আব্দুল হামিদৰ পুখুৰীৰ পৰা প্ৰায় ২০০ বস্তা, মুন্নাফ আলীৰ ঘৰৰ পৰা প্ৰায় ৪০ বস্তা চিমেন্ট উদ্ধাৰ হোৱাৰ লগতে চৰকাৰী শিক্ষক জাকিৰ হুছেইন আৰু গাঁওবুঢ়াৰ পুখুৰীৰ পৰাও কেবাটাও চোৰাং চিমেন্টৰ বস্তা উদ্ধাৰ কৰা হয়। তথ্য অনুসৰি অঞ্চলটোৰ আবু শ্বামা নামৰ ব্যক্তি এজনৰ ট্ৰাকেৰে চোৰাং চিমেন্টৰ বস্তাকেইটা অনা হৈছিল আৰু প্ৰতিটো চিমেন্টৰ বেগত বিক্ৰিৰ বাবে নহয় বুলি স্পষ্টভাৱে লিখা আছিল৷ স্থানীয় লোকে সন্দেহ কৰা মতে, ষ্টাৰ কোম্পানীৰ কোনো ব্যৱসায়ীক প্ৰতিষ্ঠান বা কোনো চৰকাৰী নিৰ্মাণ কাৰ্য্যৰ বাবে আনি থকা অৱস্থাত পথৰ পৰা দুৰ্বৃত্তই চিমেন্ট খিনি লুট কৰি আনিছিল। স্থানীয় লোকে সমগ্ৰ ঘটনাৰ লগত ষ্টাৰ চিমেন্ট কোম্পানীৰ কৰ্মচাৰী জড়িত থকাৰো সন্দেহ ব্যক্ত কৰিছে৷