গোৱালপাৰা, ১৭ জুলাই, ২০২৫ : উচ্ছেদিত লোক আৰু আৰক্ষীৰ মাজত ভয়ংকৰ সংঘাত। উচ্ছেদিত লোকৰ আৰক্ষীৰ ওপৰত আক্ৰমণ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত এজন যুৱক নিহত। আহত কেইবাজনো লোক। উচ্ছেদিত লোকৰ আক্ৰমণত কেইবাজনো আৰক্ষীৰ লোকো আহত। উত্তপ্ত হৈ আছে উচ্ছেদস্থলী (Eviction Site)।
বৃহস্পতিবাৰে পুৱাৰ ভাগতে এক ভয়ংকৰ ঘটনা সংঘটিত হয় গোৱালপাৰা জিলাৰ পাইকানত। পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদিত লোক আৰু আৰক্ষীৰ মাজত এক ভয়ংকৰ সংঘাতৰ ঘটনা সংঘটিত হয়। এই ভয়ংকৰ সংঘাতৰ ফলত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। আহত সকলৰ ভিতৰত আৰক্ষী লোকো থকা বুলি জানিব পৰা গৈছে।
পুৱাৰ ভাগত বন বিভাগৰ এটা দল আৰু আৰক্ষীৰ লোক পাইকান সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত একাংশ উচ্ছেদিত লোকে বন বিভাগ আৰু আৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলায় বুলি বন বিভাগৰ এজন লোকে জানিবলৈ দিয়ে। উচ্ছেদিত লোকৰ দলটোৱে লাঠী, জোং লৈ বন বিভাগ আৰু আৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে শিলা বর্ষণ কৰে বুলি বন বিভাগৰ লোকজনে জানিবলৈ দিয়ে।
ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে লাঠী চালনা কৰাৰ লগতে পৰিস্থিতিৰ অধিক ভয়াবহ ৰূপ ধাৰণ কৰাত গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত এজন ২২ বছৰীয়া যুৱক নিহত হোৱাৰ লগতে গুলী লাগি আন এজন লোক আহত হয়। নিহত ২২ বছৰীয়া যুৱকজনৰ নাম চকোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। আনহাতে আহত লোক জনৰ নাম কচুমুদ্দিন আলী। আহত কচুমুদ্দিন আলীক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হয়।
উচ্ছেদিত লোকৰ আক্ৰমণত আৰক্ষী আৰু বন বিভাগৰ কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমানেও উত্তপ্ত হৈ থকা পাইকান উচ্ছেদস্থলীৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অধিক আৰক্ষীৰ লোক উপস্থিত হৈছে। উল্লেখে যে গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চল বেদখল মুক্ত কৰিবলৈ যোৱা শনিবাৰে প্ৰশাসনে এক বৃহৎ উচ্ছেদ অভিযান চলাইছে। পাইকান সংৰক্ষিত বনাঞ্চলৰ ১৪০ হেক্টেৰ ভূমি বেদখল কৰি বসবাস কৰি থকা ২৫০০ ৰো অধিক ঘৰ উচ্ছেদ কৰিছিল প্ৰশাসনে।
পাইকান সংৰক্ষিত বনাঞ্চল দখল কৰি বসবাস কৰি থকা বহু লোকে বন বিভাগৰ জাননী লাভ কৰাৰ পিছতে দখল কৰি থকা বনাকলৰ ভূমি এৰি গুচি গৈছিল। কিছু লোক আছিল যদিও সেই লোক সকলক প্ৰশাসনে শনিবাৰে উচ্ছেদ কৰে। শনিবাৰে উচ্ছেদৰ সময়ত পৰিস্থিতি শান্তিপূৰ্ণ আছিল। পাইকান সংৰক্ষিত বনাঞ্চল উচ্ছেদ পূৰ্বে প্ৰশাসনে ধুবুৰী জিলাৰ বিলাসী পাৰাত উচ্ছেদ অভিযান চলাইছিল।