নিউজ ডেস্ক, ১৩ ডিচেম্বৰ: বৰিবজাৰত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা৷  দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়েৰে আৰক্ষীৰ নিদ্ৰাহৰণ কৰি অহা শিলপুখুৰীৰ বাবুল আলিৰ ঘৰত চলিল আৰক্ষীৰ অভিযান৷  বৰিবজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ নাথ হাজৰিকাৰ নেতৃত্বত চলা অভিযানত বাবুল আলিৰ বাসগৃহৰ পাকঘৰৰ পৰা উদ্ধাৰ কৰা হয় ২৮০ টাকৈ কফ চিৰাপৰ বটল৷ অৱশ্যে, অভিযুক্ত বাবুল আলিক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল আৰক্ষী৷  সম্প্ৰতি আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি বাবুল আলিৰ সন্ধানত অভিযান তীব্ৰতৰ কৰিছে৷