গুৱাহাটী, ১৬ জুন, ২০২৫ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) গৃহ বিভাগ সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হৈছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰক্ষী আধুনিকীকৰণৰ বাবে দিয়া পুঁজিৰ সঠিক ব্যৱহাৰ হোৱা নাই। ২০১৮ চনৰ পৰা ২০২৪ চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে আৰক্ষী বিভাগ আধুনিকীকৰণৰ বাবে ১২৫.৯৯ কোটি টকাৰ অনুমোদন দিছিল যদিও ডাবোল ইঞ্জিনৰ চৰকাৰখনে এই শিতানত ১৮.৮৮ কোটি টকাহে মুকলি কৰি দিছে। যাৰবাবে ৰাজ্যখনৰ ৮ খন থানা আৰু ১২ খন আৰক্ষী চকী সম্পূৰ্ণৰূপে অচল হৈ পৰিছে। আজি এক সংবাদমেলত এই তথ্য দাখিল কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।

সংবাদমেলত বেদব্ৰত বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৩ চনত বঙাইগাঁও জিলাত অনুষ্ঠিত আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত ৰাজ্যখনৰ সংবেদনশীল আৰু সংখ্যালঘু বসতি প্ৰধান আৰক্ষী চকীসমূহ থানালৈ উন্নীত কৰাৰ আৰু পৰ্যায়ক্ৰমে সকলো বজাৰ আৰক্ষী চকীক থানালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু বিগত দুবছৰত এই ঘোষণা বাস্তবায়িত নহ’ল। কেন্দ্ৰীয় চৰকাৰৰ এএছএমপিএফ আঁচনিখন সঠিক ৰূপায়ণ নোহোৱা বাবে আৰক্ষী আধুনিকীকৰণ সম্পূৰ্ণ নহ’ল। বেদব্ৰত বৰাই মৈত্ৰী আঁচনিখন বিগত দুবছৰ ধৰি ৰূপায়ণ নোহোৱা বাবে বহু থানা এতিয়াও জৰাজীৰ্ণ হৈ আছে বুলি উল্লেখ কৰে। ২০১৮-১৯ ৰ পৰা ২০২৪-২৫ ৰ সময়ছোৱাৰ ভিতৰত ১১২ খন থানাৰ নতুন গৃহ নিৰ্মাণ কৰা হ’ল যদিও ২০২৩-২৪ আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত এটকাও মুকলি কৰি দিয়া হোৱা নাই। যাৰ ফলস্বৰূপে ৰাজ্যখনৰ ৮ খন থানা আজিও অচল আৰু ১২ খন আৰক্ষী চকী নামতহে চলি আছে।

বেদব্ৰত বৰাই কয় কাছাৰ জিলাৰ ৩ খন থানা অচল হৈ থকাৰ লগতে কাছাৰ, কোকৰাঝাৰ আৰু চিৰাঙৰ দুখন থানা সম্পূৰ্ণ অচল হৈ পৰিছে। চিৰাং, ডিমাহাছাও, ডিব্ৰুগড়, কৰিমগঞ্জ, নগাঁও, তিনিচুকীয়া আদি জিলাত কেবাখনো আৰক্ষী চকী কাগজে-পত্ৰইহে আছে। যাৰ বাবে মুখ্যমন্ত্ৰীয়ে ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, দক্ষিণ শালমাৰা, গোৱালপাৰা, কৰিমগঞ্জ আদি জিলাত সাধাৰণ ৰাইজক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা ঘোষণা কৰিছে। আৰক্ষীৰ অধুনিকীকৰণত থকা দুৰ্বলতাৰ বাবে মুখ্যমন্ত্ৰীয়ে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদানত ব্যৰ্থ হোৱা বাবে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিবলগীয়া হৈছে বুলি বেদব্ৰত বৰাই উল্লেখ কৰে। ইফালে, ২০২৪-২৫ চনৰ বাজেটত ১৪৩৬০৬ কোটিৰ মুঠ বাজেটৰ পৰা ৭৩২৩৮ কোটি টকা অব্যৱহৃত হৈ আছে। অসম কাৰাগাৰ আৰু আৰক্ষী থানাৰ ৫১ শতাংশ পুঁজি এইদৰে অব্যৱহৃত হৈ আছে বুলি বেদব্ৰত বৰাই উল্লেখ কৰে।

এই পুঁজিৰ সিংহভাগেই কেন্দ্ৰীয় চৰকাৰৰ অনুদান আৰু ঋণৰ অংশ। এই ধন বৰ্তমান ব্যৱহাৰ কৰিব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰক ঘূৰাই দিব লাগিব বুলি কয় কংগ্ৰেছৰ নেতাগৰাকীয়ে। বেদব্ৰত বৰাই কয় যে, গৃহ বিভাগ পৰিচালনাত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰীয়ে গড়কাপ্তানি বিভাগৰ জৰিয়তে উৰণীয়া সেতু নিৰ্মাণত অভিলেখ ৰচনা কৰিছে আৰু হাজাৰ হাজাৰ কোটি টকা ফ্লাই অভাৰ নিৰ্মাণত ব্যৱহাৰ কৰিছে। এই বিষয়ে সবিশেষ তথ্য দাখিল কৰি বেদব্ৰত বৰাই কয় যে কমিছনৰ বাবেই ফ্লাই অভাৰ নিৰ্মাণত গুৰুত্ব দিয়া মুখ্যমন্ত্ৰীজনক অসমৰ ৰাইজে সেইবাবে ফ্লাইঅভাৰৰ চিএম বুলি আখ্যা দিয়ে। সংবাদমেলত সংবাদ মাধ্যম বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসো উপস্থিত থাকে।