নিউজ ডেস্ক, ২৭ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ২৬ নৱেম্বৰ, ২০২৫ তাৰিখে ভাৰতৰ সংবিধান গৃহীত হোৱাৰ স্মৃতিত মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ ড০ ভূপেন হাজৰিকা সভাগৃহত সংবিধান দিৱস অতি উৎসাহেৰে উদযাপন কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (নিৰ্মাণ) সংস্থায়ো মালিগাঁওস্থিত মহাপ্ৰৱন্ধক (নিৰ্মাণ) ৰ কাৰ্যালয়ত এই অনুষ্ঠান উদযাপন কৰে।

তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ আৰু কাটিহাৰ- এই পাঁচটা মণ্ডলৰ লগতে গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেচন, বিদ্যালয় আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন কাৰ্যালয়তো এই দিৱস অতি উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱৰ দ্বাৰা অতি আন্তৰিকতাৰে সংবিধানৰ প্ৰস্তাৱনা পাঠৰ দ্বাৰা কৰা হয়।

এই উপলক্ষ্যে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰি ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ সাংবিধানিক মূল্যবোধৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ নিশ্চিত কৰে। মালিগাঁওস্থিত মহাপ্ৰৱন্ধক (নিৰ্মাণ) কাৰ্যালয়ত মুখ্য প্ৰশাসনিক বিষয়া/নিৰ্মাণ, অঞ্জনী কুমাৰে উপস্থিত সকলোকে শপত গ্ৰহণ কৰাই সংবিধানৰ পথপ্ৰদৰ্শক নীতিসমূহ ৰক্ষা কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। সকলোকে সম্বোধন কৰি নিজৰ ভাষণত চেতন কুমাৰ শ্ৰীৱাস্তৱে সংবিধানক ভাৰতৰ গণতন্ত্ৰৰ মূল আধাৰ বুলি উল্লেখ কৰি প্ৰতিগৰাকী নাগৰিক তথা ৰাজহুৱা কৰ্মীক কৰ্তব্য হিচাপে এই নীতিসমূহ ৰক্ষা আৰু পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ ড০ ভীমৰাও ৰামজী আম্বেদকাৰ আৰু খচৰা সমিতিৰ সদস্যসকলৰ অবিস্মৰণীয় অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই তাৰ সকলো ইউনিটত সাংবিধানিক সজাগতা, সততা আৰু দায়িত্বশীল প্ৰশাসনৰ প্ৰসাৰৰ প্ৰতি সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছে।