নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰ : দেশৰ কৰ্প’ৰেট খণ্ডলৈ বৃহৎ সকাহ । শুকুৰবাৰে গোৱাত অনুষ্ঠিত হোৱা ৩৭ সংখ্যক জি এছ টি সন্মিলনত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইণ্ড্ৰাষ্টীৰ বাবে কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ সিদ্ধান্ত ঘোষণা কৰে।

দেশৰ কোম্পানীৰ ক্ষেত্ৰত ৫ শতাংশকৈ কৰ্প’ৰেট কৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লয় । ৩০ৰ পৰা ২৫ শতাংশ কৰিলে কৰ্প’ৰেট কৰ । এই ২৫ শতাংশত অন্তৰ্ভুক্ত কৰা হৈছে ছাৰচাৰ্জো।

ইয়াৰোপৰি ইণ্ড্ৰাষ্টীৰ বাবে কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে মিনিমাম অল্টাৰনেট টেক্স কৰ্তন কৰা হ’ব বুলি ঘোষণা কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই ঘোষণা কৰি কয় যে বিত্তীয় বৰ্ষ ২০১৯-২০ বৰ্ষৰ পৰা কাৰ্যকৰী হ’ব।