ৰঙিয়া : ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ সমষ্টিত দুৰ্নীতিৰ অভিযোগ। ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টিত নগৰ উন্নয়ন আঁচনিত ব্যাপক খেলিমেলিৰ অভিযোগ। ৰঙিয়াৰ ইতিহাস প্ৰসিদ্ধ হৰদত্ত বীৰদত্ত ভৱন আধুনিকীকৰণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ বিৰোধী তথা একাংশ সচেতন লোকৰ।
ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱন নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱা বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে সচেতন ৰাইজে। ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ আছুতীয়া পূঁজি আৰু ৰঙিয়া পৌৰসভাৰ চহৰ উন্নয়ন শিতানৰ দ্বাৰা নিৰ্মাণ কৰা ১ কোটি, ২০ লাখ, ৭৯ হাজাৰ টকীয়া আঁচনি নিৰ্মাণৰ নামত ব্যাপক খেলিমেলি সংঘটিত কৰাৰ অভিযোগ আনিছে প্ৰাক্তন বিধায়ক তথা কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ঘনশ্যাম কলিতাই।
আধুনিকীকৰণৰ নামত ভৱনটোৰ ভিতৰভাগ কাম কৰিলে ঠিকেই। কিন্তু ভৱনটোৰ জহি-খহি যোৱা খিড়িকী, বাহিৰৰ বেৰত ৰং তেল নিদিয়াকৈয়ে কাম সম্পূৰ্ণ কৰিলে। ভবেশ কলিতাৰ ঘনিষ্ঠ ঠিকাদাৰে পালমৰা ধৰণে ভৱনটোৰ আধুনিকীকৰণৰ কাম সম্পূৰ্ণ কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলিও অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে হৰদত্ত বীৰদত্ত ভৱনৰ আধুনিকীকৰণ কাম ভিতৰৰ অংশবোৰতেহে কৰা হৈছে।
ভাৱনটোৰ বাহিৰৰ অংশৰ মেৰামতিৰ কাম কৰিবলৈ এতিয়াও বাকী আছে বুলি কয় ভাবেশ কলিতাই। বিজেপিয়ে ভাল কাম কৰিলেও একাংশই বেয়া পায়। বিজেপিয়ে গুড মৰ্ণিং কলে বেড মৰ্ণিং বুলি কবলৈ একাংশই বিচাৰে বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই।