গুৱাহাটী, সংবাদ ৩৬৫, ২১ জুন : বিভিন্ন সময়ত চোৰাং পশুধনৰ ছিণ্ডিকেটৰ বিৰোধীতাৰে মাত মাতি আহিছে মুন্না শইকীয়াই । যোৱা ৫ টা বছৰে মুন্না শইকীয়াই এই বিষয়টোৰ সন্দৰ্ভত মাত মাতি আহিছিল । কিন্তু যোৱা ১১/০৬/২০১৯ তাৰিখে জনপ্ৰিয় টিভি চেনেল এটাত মুন্না শইকীয়াৰ বিৰুদ্ধে এটা বাতৰি সম্প্ৰচাৰিত হৈছিল । বাতৰিটোত উল্লেখ কৰা হৈছিল যে মুন্না শইকীয়া দাৰ্জিলিংত গ্ৰেপ্তাৰ হৈছে পশুধন চোৰাং বেপাৰ কৰাৰ অপৰাধত । কিন্তু মুন্না শইকীয়াই কোৱা অনুসৰি সেইসময়ত তেওঁ গুৱাহাটীৰ নিজ গৃহতে আছিল।

ইয়াৰ পাছতে খবৰ কাকতত তেওঁৰ বিষয়ে আৰু এটা বাতৰি প্ৰকাশিত হয় য’ত বাতৰিটো প্ৰকাশ পাইছিল এনেদৰে ” ইক্রাম হুছেইনৰ পৰা হ’ল গৈ মুন্না আহমেদ , গৰুৰ ছিণ্ডিকেটৰ ভয়ংকৰ জাল ,ভূতৰ মুখত ৰাম নাম।” ইয়াৰ পাছতে মুন্না শইকীয়াই ১৭/০৬/২০১৯ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত উপৰোক্ত কথাখিনি সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰে আৰু কয় যে মই যদি ছিণ্ডিকেটৰ লগত জড়িত থাকিলো হয় তেনেহলে ন্যায় বিচাৰি এনেদৰে চিঞৰি নাথাকিলো হয়।

ইয়াৰ পাছতে আজি অৰ্থাৎ ২১/০৬/২০১৯ তাৰিখে ১১/০৬/২০১৯ৰ চর্চাত থকা পশুধন ছিণ্ডিকেটৰ বাতৰিটোৰ বিৰুদ্ধে আৰু বিভিন্ন ভাবুকিৰ ফলত মুন্না শইকীয়াৰ পত্নী তৃষা শইকীয়াই গুৱাহাটীৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰে । উল্লেখযোগ্য যে তৃষা শইকীয়া এগৰাকী সুগায়িকা তথা অভিনেত্ৰীও । সংবাদমেলত তৃষা শইকীয়াই কয় ” এইটো বিষয়ৰ ওপৰত কবলৈ অহাটো মোৰ বাবে অতি দুৰ্ভাগ্যজনক। যোৱা ৫ টা বছৰে মোৰ স্বামী মুন্না শইকীয়াই এই চক্ৰটোৰ বিষয়ে মাত মাতি থকা দেখা পাইছো । তেওঁক মই চক্ৰটোৰ বিৰুদ্ধে নালাগিবই বহুবাৰ অনুৰোধ কৰিছিলো কাৰণ আমি সাধাৰণ মানুহ । এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আমাৰ সামৰ্থ নাই । কিন্তু তেওঁৰ এটা প্ৰতিবাদী কণ্ঠ আছিল , কিন্তু চৰকাৰৰ বিৰুদ্ধে নহয় ।”

এই সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীক অনুৰোধ জনাই কয় ” এই ঘটনাটো তেওঁ হস্তক্ষেপ কৰক । কাৰণ যিজন মানুহে মুখ্যমন্ত্ৰীৰ নামটো ছিণ্ডিকেট চক্ৰৰ সৈতে জড়িত কৰিব বিচৰাত নিজে আগুৱাই চক্ৰটোৰ মুখা খুলিবলৈ চেষ্টা কৰিছে , সেই মানুহজনক ছিণ্ডিকেটৰ কাণ্ডাৰী বুলি কৈছে । গতিকে মোৰ পৰিয়ালটোক সুৰক্ষা লাগে , মোৰ মানুহজনক সুৰক্ষা লাগে আৰু ছিণ্ডিকেটৰ লগত জড়িত মূল মানুহকেইজনক ধৰিব লাগে।”