বাঙ্গালুৰু, ৯ মেঃ দশম আই পি এলত নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক ছয় উইকেটত পৰাস্ত কৰে। সুনীল নাৰিনে মেছখনত বিস্ফোৰক বেটিঙে আই পি এলত দ্রুততম অর্ধশতক অর্জন কৰা দ্বিতীয়জন বেটমেনৰ খিতাপ অৰ্জনৰ লগতে নাইট ৰাইডাৰ্ছক সহজ জয়ত সহায়  কৰে। কেৰিবিয়ান তাৰকাগৰাকীয়ে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আকর্ষণীয় বলিং কৰাৰ পিচত মাত্র ১৫ টা বলত অর্ধশতক সম্পূর্ণ কৰে। জয়ৰ বাবে প্রয়োজনীয় ১৫৯ ৰান কলকাতাই ১৫.১ অ’ভাৰত চাৰিটা উইকেট হেৰুৱাই সংগ্ৰহ কৰি লয়। আঘাতমুক্ত হৈ উভতি অহা ক্ৰিছ লীন আৰু নাৰিনে পাৱাৰ প্লে’ অর্থাৎ প্রথম ৬ অ’ভাৰত ১০৫ ৰান সংগ্রহ কৰে, যিটো আই পি এলৰ ইতিহাসত পাৱাৰ প্লেৰ সর্বাধিক ৰান। নাৰিনে ১৭ টা বলত ৫৪ ৰান কৰি উভতি যায়। তেওঁ ছটা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰ কোবায়। ১৫ টা বলত অর্ধশতক সম্পূর্ণ কৰি নাৰিনে আই পি এলত দ্রুততম অর্ধশতক অর্জন কৰাৰ ইউছুফ পাঠানৰ অভিলেখ স্পর্শ কৰে। ইউছুফে ২০১৪ ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ১৫ টা বলত কলকাতাৰ হৈ অর্ধশতক অর্জন কৰিছিল। নাৰিনৰ উপৰি লীনে ৫০ আৰু কলিন ডি গ্রেণ্ডহামে ৩১ ৰান সংগ্ৰহ কৰে। মেচখনত প্রথমে বেটিং কৰি ৰয়েল চেলেঞ্জাৰ্ছে ট্ৰেভিছ হেডৰ অপৰাজিত ৭৫ আৰু মনদীপ সিঙৰ ৫২ ৰানৰ সহায়ত ছটা উইকেটৰ বিনিময়ত ১৫৮ ৰান কৰে। নাইট ৰাইডাৰ্ছৰ হৈ উমেশ যাদৱে তিনিটা আৰু নাৰিনে দুটা উইকেট লাভ কৰে। নাৰিন মেন অব দা মেচ নির্বাচিত হয়।