গুৱাহাটী, সংবাদ ৩৬৫, ১০ অক্টোবৰ : মহানগৰীত গ্ৰেপ্তাৰ ৫ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী। বেলতলাস্থিত হোটেল নক্ষত্ৰত বাহৰ পাতি আছিল ৫ দুৰ্ধৰ্ষ অপৰাধীয়ে।

অপৰাধ অনুসন্ধান শাখা আৰু বশিষ্ঠ আৰক্ষীৰ যুটীয়া অভিযানত হোটেল নক্ষত্ৰৰ ৬০৭ নং কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অপৰাধীকেইটাক।

গ্ৰেপ্তাৰ কৰা অপৰাধীকেইটা ক্ৰমে আকাশ শৰ্মা, সমৰেন্দ্ৰ ব্ৰহ্ম, প্ৰফুল্ল লালজাণুৰ, সুনীল বাগলাৰী আৰু মেহৰাজ আহমেদ লস্কৰ।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধন হৰলুকীৰ কাৰ্যত জড়িত আছিল ধৃত অপৰাধীকেইজন । অপৰাধী কেইজনৰ পৰা ২৯ খন এ টি এম কাৰ্ড আৰু কেইবাখনো চেকবুক জব্দ কৰে।