নিউজ ডেস্ক, ১০ ডিচেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ (Darjeeling Himalayan Railway) এক বিস্তৃত পৰ্যালোচনা আৰু পৰিদৰ্শন কৰে। তেওঁৰ এই যাত্ৰাৰ উদ্দেশ্য আছিল ইউনেস্কোৰ এই বিশ্ব ঐতিহ্য ৰে’লৱেৰ পৰিচালন দক্ষতা, ঐতিহ্য সংৰক্ষণ আৰু যাত্ৰীসেৱাৰ অভিজ্ঞতাক শক্তিশালীকৰণ কৰা। এই ভ্ৰমণৰ সময়ছোৱাত মহাপ্ৰৱন্ধকে গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ বিশদ পৰীক্ষণ কৰে, ক্ষেত্ৰীয় বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰে, কেইবাটাও নতুন গুৰুত্বপূৰ্ণ সম্পদৰ উদ্বোধন কৰে আৰু ডিএইচআৰৰ দীৰ্ঘম্যাদী সংৰক্ষণ আৰু আধুনিকীকৰণৰ বাবে অতি প্ৰয়োজনীয় উন্নয়নমূলক পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে।

মহাপ্ৰৱন্ধকে তিনধৰিয়া-ৰংটং খণ্ডটো পৰিদৰ্শন কৰি সম্পদসমূহৰ অৱস্থা, নিৰ্মাণাধীন কামকাজৰ অগ্ৰগতি আৰু এই প্ৰত্যাহ্বান খণ্ডটোৰ সুৰক্ষা নিয়মাৱলী মানি চলাৰ মূল্যায়ন কৰে। তেওঁ নৱনিৰ্মিত ডিজেল লোক’ম’টিভ নং ৬০৬ ৰ উদ্বোধন কৰে আৰু উচ্চমানৰ নিৰ্মাণ, মজবুত সুৰক্ষা মানদণ্ড আৰু কামকাজৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে সংশ্লিষ্ট টীমটোক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ সমগ্ৰ ডিএইচআৰত অনুসৰণ কৰা ৰক্ষণাবেক্ষণ পদ্ধতিসমূহো পৰ্যালোচনা কৰে আৰু ৰোলিং ষ্টক, ট্ৰেকৰ আন্তঃগাঁথনি আৰু ঐতিহ্যমণ্ডিত স্থাপত্যৰ সূক্ষ্ম ৰক্ষণাবেক্ষণৰ বাবে প্ৰশংসা কৰে। ইয়াৰ পিছত মহাপ্ৰৱন্ধকে সম্প্ৰসাৰিত আৰু উন্নতকৰণ কৰা ঘুম সংগ্ৰহালয়ৰ উদ্বোধন কৰে আৰু ইয়াক দৰ্শনাৰ্থীৰ অভিজ্ঞতা সমৃদ্ধ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ সফলতা বুলি অভিহিত কৰে।

সংগ্ৰহালয়টোত ক্ৰমবৰ্ধমান দৰ্শনাৰ্থী সংখ্যা আৰু সাংস্কৃতিক গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ ঘোষণা কৰে যে ডিএইচআৰৰ এই অভিযান্ত্ৰিক আশ্বৰ্য্য আৰু ঐতিহাসিক ঐতিহ্যক উজ্জ্বল কৰি তোলা অধিক তথ্য সমৃদ্ধ, পাৰস্পৰিক আৰু একত্ৰিত প্ৰদৰ্শনীৰে সংগ্ৰহালয়খন আৰু সম্প্ৰসাৰণ কৰা হ’ব। তাৰ পিছত তেওঁ ষ্টীম লোক’ম’টিভ ৮০৬বি “কুইন অৱ দ্য হিলছ”ৰ বিশেষ শতবাৰ্ষিকী স্মৃতিচাৰণ যাত্ৰাৰ উদ্বোধন কৰে, যি ১০০ বছৰীয়া সেৱাৰ উদযাপন কৰাৰ লগতে ইয়াৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কিংবদন্তী ষ্টীম ঐতিহ্য সংৰক্ষণৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি তোলে। ঘুম-সোনাদা খণ্ড পৰিদৰ্শনৰ সময়ত মহাপ্ৰৱন্ধকে ট্ৰেকৰ অৱস্থা, পৰিচালন পদ্ধতি আৰু নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰি বিশ্বমানৰ সুৰক্ষা বজাই ৰাখি একেই সময়তে ৰেলপথৰ এই ইউনেস্কো বিশ্ব ঐতিহ্যৰ শ্বকীয়তা সংৰক্ষণৰ প্ৰয়াসক প্ৰশংসা কৰে।কাৰ্শিয়াঙত তেওঁ নৱনিৰ্মিত ডিজেল লোক’ম’টিভ নং ৬০৭ ৰ উদ্বোধন কৰে আৰু আধুনিকৃত কাৰ্শিয়াং আৰ্কাইভছ উন্মোচন কৰে, যিটো স্থানীয় বাসিন্দা, গৱেষক, পৰ্যটক আৰু ঐতিহ্যপ্ৰেমীসকলৰ বাবে উন্নত তথ্য সৰংক্ষণ আৰু ঐতিহাসিক উৎসসমূহৰ সংগ্ৰহৰ বাবে এক গুৰুত্বপূৰ্ণ তথ্যকেন্দ্ৰ।

তেওঁ পেছেঞ্জাৰ ইন্টাৰফেচ, পৰিচালনগত সুবিধা আৰু ঐতিহ্যমণ্ডিত সম্পদসমূহৰো পৰিদৰ্শন কৰে। যাত্ৰীসুবিধাৰ উন্নয়ন, পৰিচালন দক্ষতাৰ শক্তিশালীকৰণ আৰু সকলো উন্নয়নমূলক প্ৰকল্প যাতে ৰেলৱেৰ ঐতিহ্যবাহী গতিবিধিৰ সৈতে সংবেদনশীল হৈ থাকে, তাৰ ওপৰত বিষয়াসকলক বিশদ নিৰ্দেশনা প্ৰদান কৰে। একে সময়তেই তেওঁ অবিৰত ৰক্ষণাবেক্ষণ, সঁহাৰিমূলক যাত্ৰীসেৱা আৰু অবিৰত নবপ্ৰৱৰ্তনৰ গুৰুত্বৰ ওপৰত গুৰুত্ব দিয়ে যাতে ডিএইচআৰে বিশ্বৰ ঐতিহ্যবাহী ৰে’লৱেৰ মানদণ্ডৰ সৈতে সংগতি ৰাখিব পাৰে। মহাপ্ৰৱন্ধকৰ এই যাত্ৰাই দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ অনন্য ঐতিহ্য সংৰক্ষণৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দায়বদ্ধতাকে পুনৰ নিশ্চিত কৰিছে আৰু একে সময়তে যাত্ৰী সা-সুবিধা, সুৰক্ষা আৰু সামগ্ৰিক ভ্ৰমণ অভিজ্ঞতা বৃদ্ধি কৰা পদক্ষেপসমূহক আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতিও দৃঢ় কৰিছে। তেওঁৰ কেন্দ্ৰীভূত পৰ্যালোচনা আৰু দূৰদৰ্শী নিৰ্দেশনাই ঐতিহ্য সংৰক্ষণৰ সৈতে আধুনিক, যাত্ৰী-বান্ধৱ ৰে’ল পৰিচালনৰ সংমিশ্ৰণেৰে ডিএইচআৰৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীক যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে।