দৰং, সংবাদ ৩৬৫, ২২ জুন : বিগত কেইবা বছৰ ধৰি বিভিন্ন স্থানত চুৰি ডকাইতি, হত্যাকাণ্ড আদিৰ সৈতে জড়িত হৈ আৰক্ষীৰ মূৰৰ কামোৰনি হৈ পৰা ম’ষ্ট ৱান্টেড আশাবাবুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধূলা আৰক্ষীয়ে ৷ দৰঙৰ ধূলা আৰু খাৰুপেটিয়া আৰক্ষী বাহিনীৰ যুটীয়া অভিযানত আটক কৰিবলৈ সক্ষম হয় আশাবাবুক।

উল্লেখ্য যে দৰঙৰ জ্যেষ্ঠ অধিবক্তা মংগলদৈৰ বিনয় ঘোষৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত এইজন আশাবাবু বহুদিন ধৰি পলাতক হৈ আছিল । আৰক্ষীৰ তালিকাত মুষ্ট ওৱান্টেড হিচাপে চিহ্নিত হোৱা আশা বাবুয়ে ইমান দিনে পলাতক অৱস্থাত আছিল যদিও এক গোপন সূত্ৰৰ পমখেদি ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কাকতি আৰু খাৰুপেটিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰাজ মোহন ডেকাৰ যুটীয়া অভিযানত কেওটচুবা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।