দৰং, সংবাদ ৩৬৫, ১৯ জুন : তীৰ জুৱা বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ জোৰ সমদল । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙ জিলা আমছুৱে তীৰ জুৱাৰ বিৰূদ্ধে সজাগতা মূলক এক সমদল বাহিৰ কৰে ।

তীৰ জুৱা, বাল্য বিবাহ, কু সংস্কাৰ, অসামাজিক কাৰ্য্যকলাপ বন্ধৰ দাবীত গলন্দি আঞ্চলিক আমছু আৰু বালাবাৰী আঞ্চলিক আমছুৰ কৰ্মকৰ্তা সকলে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে । দৰঙ জিলা আমছুৰ উপ সভাপতি হজৰ আলী, সহকাৰী সম্পাদক বাহাৰুল ইছলাম বালাবাৰী আঞ্চলিক সমিতিৰ মুখ্য সাংগঠনিক সম্পাদকৰ উপস্থিতিত প্ৰায় ৫ শতাধিক স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে ফকিৰপাৰা চ’কৰ পৰা টাংনী চাৰিআলি লৈ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত বাল্য বিবাহ বন্ধ কৰক,তীৰ জুৱা বন্ধ কৰক,নাৰী নিৰ্যাতন বন্ধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।