গুৱাহাটী, ২০ নৱেম্বৰ, ২০২৩ : পুনৰ এক অপৰাধমূলক (Crime) ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীত। এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে মহানগৰীত। উলংগ অৱস্থাত উদ্ধাৰ হৈছে যুৱতী গৰাকীৰ মৃতদেহ। স্থানীয় ৰাইজে উলংগ অৱস্থাত যুৱতী গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। যুৱতী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ। যুৱতী গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।
এটাৰ পিছত আনটো অপৰাধমূলক ঘটনা সংঘটিত হৈ আছে মহানগৰী গুৱাহাটীত। চুৰি, ডকাইতি, হত্যা, ধৰ্ষণ সাধাৰণ ঘটনাত পৰিণত হৈছে মহানগৰী গুৱাহাটীত। দিনে-নিশাই মহানগৰী গুৱাহাটীত গীজগিজাই থকা আৰক্ষীৰ নাকৰ তলতে সংঘটিত হৈ আছে অপৰাধমূলক ঘটনা। আৰক্ষীৰ ব্যৰ্থতাৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে মহানগৰবাসী। দিনৰ পোহৰতে এইখন মহানগৰীত দুৰ্বৃত্তই লুটি নিয়ে ধন, চিলনী চোৰে পিষ্টল দেখুৱাই কাঢ়ি নিয়ে মহিলাৰ অলংকাৰ।
আৰক্ষীৰ নাকৰ তলতে সংঘটিত হয় অপহৰণকাণ্ড। মহানগৰীৰ হাতীগাঁও অঞ্চলৰ পৰা এই শিশু অপহৰণ হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই এইবাৰ এগৰাকী যুৱতীৰ উলংগ মৃতদেহ উদ্ধাৰ হৈছে মহানগৰীত। মহানগৰীৰ বামুণীমৈদাম অঞ্চলত উদ্ধাৰ হৈছে উলংগ অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ। সোমবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় উলংগ অৱস্থাত যুৱতী গৰাকীৰ মৃতদেহ। বামুণীমৈদাম মহাবিদ্যালয়ৰ ওচৰত থকা ট্ৰেফিক পইণ্টত উলংগ অৱস্থাত উদ্ধাৰ হয় যুৱতী গৰাকীৰ মৃতদেহ। যুৱতী গৰাকীৰ মৃতদেহটোৰ ওচৰত উদ্ধাৰ হয় কিছু কাপোৰ।
পুৱাৰ ভাগত একাংশ স্থানীয় লোকে ট্ৰেফিক পইণ্টত উলংগ অৱস্থাত পৰি থকা যুৱতী এগৰাকীক প্ৰত্যক্ষ কৰে। স্থানীয় ৰাইজে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াত চান্দমাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। যুৱতী গৰাকীক ধৰ্ষণৰ পিছত হত্যা কৰি এইদৰে পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।