মাজুলী : দক্ষিণ মাজুলী আৰু দেৰগাঁৱৰ সমীপৰ ভেকেলি চাপৰিৰ কোমলিয়াত পানীত ওপঙি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ। মৃতদেহটো নিমাতিঘাটত ফেৰী দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

দক্ষিণ মাজুলী আৰু দেৰগাঁৱৰ সমীপৰ ভেকেলি চাপৰিৰ কোমলিয়াত মঙলবাৰে স্থানীয় ৰাইজে পানীত ওপঙি থকা অৱস্থাত ক’লা কাপোৰ পৰিধনা কৰা এজন লোকৰ মৃতদহে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। মৃতদেহ উদ্ধাৰ হোৱা খবৰ পাই ইতিমধ্যে আৰক্ষী আৰু এন ডি আৰ এফৰ এটা দল ভেকেলি চাপৰিৰ কোমলিয়ালৈ ৰাওনা হৈছে। মৃতদেহটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

যোৱা ৮ ছেপ্টেম্বৰত নিমাতিঘাটত সংঘটিত হোৱা ফেৰী দুর্ঘটনাৰ পিছৰে পৰা চিকিৎসক বিক্ৰমজিৎ বৰুৱা সন্ধানহীন হৈ আছিল। নিমাতিঘাটত দুই ফেৰীৰ মাজত হোৱা সংঘর্ষত ব্ৰহ্মপুত্ৰ নদীত ডুব যোৱা ফেৰীখনৰ যাত্ৰী আছিল চিকিৎসক বিক্ৰমজিৎ বৰুৱা। ফেৰী দুর্ঘটনাৰ পিছত সন্ধানহীন হৈ থকা দুজন লোকৰ ভিতৰত ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদহে কিছুদিন পুর্বে বিশ্বনাথ ঘাটত ব্ৰহ্মপুত্ৰ নদীত উদ্ধাৰ হৈছিল।

ভেকেলি চাপৰিৰ কোমলিয়াত মঙলবাৰে উদ্ধাৰ হোৱা মৃতদেহটো ক’লা কাপোৰ পৰিধান কৰাৰ বাবে মৃতদেহটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে কাৰণ ফেৰী দুর্ঘটনাৰ দিনা চিকিৎসক বিক্ৰমজিৎ বৰুৱা ক’লা কাপোৰ পৰিধান কৰিছিল। মৃতদেহটো প্ৰত্যক্ষ কৰা স্থানীয় ৰাইজৰ মতে মৃতদেহটোৰ হাতত এটা টেটু আছে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ পিছতে নিশ্চিত হব পৰা যাব যে মৃতদেহটো চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ হয় নে নহয়।

উল্লেখ্য যে ৮ ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত নিমাতিঘাটত সংঘটিত হোৱা ফেৰী দুর্ঘটনাত এগৰাকী যুৱতীৰ মৃত্যুৰ মুখত পৰাৰ লগতে দুজন লোক সন্ধানহীন হৈ আছিল। সন্ধনহীন হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ কিছুদিন পূৰ্বে উদ্ধাৰ হৈছিল যদিও চিকিৎসক বিক্ৰমজিৎ বৰুৱা সন্ধানহীন হৈ আছে। ইফাল চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ পত্নীয়ে আভ্যন্তৰীণ জল পৰিবহন বিভাগ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।