গুৱাহাটী, সংবাদ ৩৬৫, ২২ মে’ : লক ডাউনৰ নীতি-নিয়ম ভংগ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজহুৱা সভা পাতি চেক বিতৰণৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ এই কাৰ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক ভুল কৰা বুলি আহ্বান জনোৱাৰ দাবী দেৱব্ৰত শইকীয়াৰ।

বিশ্বজুৰি কভিড-১৯ কৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ ৰোধ কৰাৰ বাবে সামাজিক দূৰত্ব বজাই চলাতো অত্যন্ত প্ৰয়োজন। চৰকাৰেও সামাজিক দূৰত্ব বজাই ৰাখিবলৈ ৰাইজক সঘনাই আহ্বান জনাই আছে। সামাজিক দূৰত্ব অটুট ৰাখিবলৈ চৰকাৰে সকলো ধৰণৰ মেল-মইটিং, সভা অনুষ্ঠিত কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে যদিও ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লক ডাউনৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ আহতগুৰিচুবুৰী গাঁৱত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি ৰাইজৰ মাজত মুখ্যমন্ত্ৰীৰ উন্নয়ন পুঁজিৰ চেক বিতৰণ কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বুলি মন্তব্য প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি কয় “মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে ৰাজহুৱা সভা পাতি চেক বিতৰণ কৰা কাৰ্যৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ ৰাইজক ভুল কৰা বুলি আহ্বান জনাব লাগে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰহ অসম ঘূৰি ৰাইজক সামাজিক দূৰত্ব বজাই চলিবলৈ আহ্বান জনাইছে, কৰ’ণা ভাইৰাছ মহামাৰীৰ বাবে ৰাজ্যত ১৪৪ ধাৰা লগাই ৰখা হৈছে, ৫ জনতকৈ অধিক লোক একত্ৰিত হোৱাৰ ওপৰত বাধা প্ৰদান কৰা হৈছে, চৰকাৰী কাৰ্যালয়ত এশ শতাংশ কৰ্মচাৰীৰ উপস্থিতিত বাধা দিয়া হৈছে এনে সময়ত নীতি-নিয়ম ভংগ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভা অনুষ্ঠিত কৰাটো আশ্চৰ্যয়জনক।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইক্ষেত্ৰত ভুল কৰা বুলি অসমৰ ৰাইজক আহ্বান জনাব লাগে বুলি দাবী জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শিৱসাগৰৰ সাংসদ তপন গগৈও কিছুদিন পূৰ্বে উপযুক্ত কাৰ্যালয়ত চেক বিতৰণ কৰিছিল আৰু সেই সময়তো শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত বহু লোক উপস্থিত আছিল বুলিও অভিযোগ উত্থাপিত কৰিছে দেৱব্ৰত শইকীয়াই।