পলাশবাৰী, সংবাদ ৩৬৫, ২২ জুন : দ্বীপৰ বিলত দ্বৈত ৰেলপথ নিৰ্মানৰ বিৰুদ্ধে গৰজি উঠিল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা । দ্বীপৰ বিলত দ্বৈত ৰেলপথ নিৰ্মান কৰিবলৈ ৰেলবিভাগে ল’ব লাগিব চৰকাৰৰ অনুমতি । ৰেল বিভাগে ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে জোৰ জবৰদস্তি কৰি কোনো কাম কৰিব নোৱাৰে । যদি ৰেল কৰ্তৃপক্ষই জোৰ জবৰদস্তি কৰি ৰেলপথ নিৰ্মাণ কৰিব বিচাৰে তেন্তে সংঘাত সৃষ্টি হব । এই মন্তব্য পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰে নাৰায়ণ কলিতাৰ ।

দ্বীপৰ বিলৰ পাৰেৰে ৰেল বিভাগে পুনৰ আৰু এটা ৰেলপথ নিৰ্মাণৰ বাবে যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাই দীপৰ বিললৈ অহা হস্তীৰ পথ বন্ধ কৰি পেলাব হস্তীৰ পথৰ ওপৰেৰে পুনৰ আন এটা ৰেলপথ নিৰ্মাণ কৰিলে ৰেলৰ খুণ্ডাত বন্যহস্তী মৃত্যুৰ মুখত পৰাৰ সম্ভাৱনা আছে । এই সন্দৰ্ভত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত দ্বীপৰ বিল চছাইটি নামৰ এখন কমিটি গঠন কৰা হৈছে । স্থানীয় বিধায়ক কলিতাকে ধৰি কেইবাজনো মন্ত্রী বিধায়ক এই কমিটিত আছে নতুন ৰেলপথ নিৰ্মাণ সন্দৰ্ভত এই সভাত আলোচনা কৰা হ’ব ।

উল্লেখ্য যে দ্বীপৰ বিলৰ ওচৰৰে যোৱা কামাখ্যা-যোগীঘোপা সংযোগী ৰেলপথটোৰ বাবে বৰ্তমানলৈ ১৪টা হাতি মৃত্যুৰ উপৰিও বহু জীৱ জন্তুৰ মৃত্যু হৈছে । এই ৰেলপথটোৰ ফলত দ্বীপৰবিললৈ শীতকালত নোহোৱা হৈছে পৰিভ্ৰমী চৰাই সেয়ে ৰেলবিভাগক দ্বৈত ৰেলপথ নিৰ্মানকাৰ্য বন্ধ কৰিবলৈ আহ্বান জনাই ।