নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ জুলাই : সংসদত দাখিল কৰা ২০১৮-১৯ বৰ্ষৰ আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনত দেশৰ ন্যায় ব্যৱস্থাৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি দেশজুৰি আদালতত নিস্পত্তি নোহোৱাকৈ বিচাৰাধীন গোচৰ আছে প্ৰায় ৩.৫ কোটি । যাৰ বাবে প্ৰয়োজন হব ন্যায়ালয়ত অতিৰিক্ত ২৩৭৩ জন ন্যায়াধীশৰ ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা প্ৰতিবেদন অনুসৰি নিস্পত্তিবিহীন গোচৰসমূহৰ ৮৭.৫ শতাংশ গোচৰ জিলা আৰু নিম্ন আদালতৰ বিচাৰাধীন হৈ আছে ।

আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনৰ তথ্য অনুসৰি নিম্ন আদালতৰ ২২৭৯ জন ন্যায়াধীশ, উচ্চ ন্যায়ালয়ত ৯৩ জন ন্যায়াধীশ, আৰু উচ্চতম ন্যায়ালয়ত অতিৰিক্ত ১ জন ন্যায়াধীশৰ নিযুক্তিৰ জৰিয়তেহে নিস্পত্তিবিহীন গোচৰ সমূহৰ ৰায়দান সম্পূৰ্ণ কৰিব পৰা যাব।