ঢকুৱাখনা, নৱেম্বৰ ৩: আজিৰে পৰা শ্ৰীকৃষ্ণ ৰাসলীলা৷ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনা বালি গাঁৱৰ নাট্য মন্দিৰৰ মঞ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শ্ৰী কৃষ্ণ পূৰ্ণাংগ ৰাসলীলা৷ ৩ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ অনুষ্ঠিত কৰা ঢকুৱাখনা বালি গাঁৱৰ নাট্য মঞ্চত দেখা পাব বেহাৰবাৰী আউট প’ষ্টৰ ধাৰাবাহিক মোহনৰ চৰিত্ৰত অভিনয় কৰা দীপজ্যোতি কেওটক৷ ধাৰাবাহিকতাৰ পৰা ক্ষন্তেক আঁতৰি এতিয়া ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে অভিনেতাগৰাকী৷  এই তিনিওটা নিশাৰ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে সভাপতি আব্দুল আৱাল খান আৰু সম্পাদক বিদ্যাধৰ বৰুৱাই৷