শিমলুগুৰিৰ পৰা নেকিবুল হক, ৬ ডিচেম্বৰ: খেলুৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ ধামধুলি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ সংসদে প্ৰকাশ কৰা হাতে লিখা আলোচনী “ধামধুলি”ৰ দ্বিতীয় সংখ্যা অলপতে উন্মোচন হয়। বিদ্যালয়খনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হলৌফুকন সমলকেন্দ্ৰৰ সমন্বয়ক পৱন বৰুৱাই অষ্টম শ্ৰেণীৰ ছাত্ৰ মানৱজ্যোতি ফুকনৰ সম্পাদনাত প্ৰকাশ পোৱা “ধামধুলি”ৰ দ্বিতীয় সংখ্যা উন্মোচন কৰি বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ সৃজনী প্ৰতিভাক প্ৰশংসা কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যতীন গগৈয়ে পৌৰহিত্ব কৰা আনুষ্ঠানতিৰ আঁত ধৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ভূৱন ৰাজকোঁৱৰে। অনুষ্ঠানত কেইবাগৰাকীও শিশু বক্তাৰ লগতে ধামধুলিৰ সম্পাদনা উপদেষ্টা শিক্ষক প্ৰণৱজ্যোতি দত্তই বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতেই বিদ্যালয়খনৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।