নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ আগষ্ট : স্বাধীনতা দিৱসৰ দিনা ভাৰতীয় ক্ৰিকেট দলৰ মহেন্দ্ৰ সিং ধোনীয়ে পতাকা উত্তোলন কৰিব লাডাখত।

উল্লেখযোগ্য যে ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছত লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। সদ্য ঘোষিত কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত প্ৰথমবাৰৰ কাৰণে স্বাধীনতা দিৱসত পতাকা উত্তোলনৰ সুযোগ লাভ কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে।

সম্প্ৰতি ভাৰতীয় সেনাৰ সৈতে প্ৰশিক্ষণ লোৱাৰ বাবে জম্মু–কাশমীৰত ব্যস্ত ধোনী। ভাৰতীয় দলৰ তাৰকা খেলুৱৈগৰাকীয়ে ৩১ জুলাই তাৰিখে শ্ৰীনগৰত ১০৩ নং টেৰিটৰিয়েল আৰ্মি বেটেলিয়ানত যোগ দিছিল ধোনীয়ে।

১৫ আগষ্টলৈকে কাশ্মীৰতে থাকিব খেলুৱৈগৰাকী । শনিবাৰে মহেন্দ্ৰ শ্ৰীনগৰৰ পৰা ১০৩ নং টেৰিটৰিয়েল আৰ্মি বেটেলিয়ানৰ সতীৰ্থ সকলৰ লগত লাডাখ অভিমুখে ৰাওনা হয়।