ধুবুৰী, সংবাদ ৩৬৫, ২৫ এপ্ৰিলঃ  ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাত মঙলবাৰে নিশা ধুবৰী আৰক্ষীয়ে হঠাৎ তদন্ত চলায়। ধুবৰী আৰক্ষীয়ে নিশা এঘাৰ বজালৈ ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাত চৰম দুৰ্নীতি অভিযোগত তদন্ত চলায়। ভাৰতীয় ষ্টেট বেংকৰ ধুবৰী শাখাৰ পৰা এটিএম’ত টকা যোগান দি অহা ‘ছিছ প্রচেজাৰ’ কোম্পানীৰ কৰ্মচাৰীৰ অভিযোগৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ভাৰতীয় ষ্টেট বেংকৰ ধুবৰী শাখাত তদন্ত চলায়। ষ্টেট বেংকৰ ধুবৰী শাখাৰ পৰা টকা নি বিভিন্ন এটিএমত টকা ভৰোৱা ছিছ প্রচেজাৰ নামৰ সংস্থাৰ কৰ্মচাৰীয়ে বেংকে এটিএমত ভৰাবলৈ দিয়া টকাৰ হিচাপত খেলি মেলি কৰাৰ অভিযোগ উত্থাপন কৰে। পূৰ্বৰ দৰে মঙলবাৰেও ছিছ প্রচেজাৰ নামৰ সংস্থাটোক এটিএমত ভৰাবলৈ বেংকৰ পৰা দুই কোটি টকা যোগান ধৰা হয় যদিও টকাখিনি হিচাবতকৈ কমকৈ দিয়াৰ সন্দেহত টকাখিনি পুনৰ হিচাপ কৰে ছিছ প্রচেজাৰ নামৰ সংস্থাৰ কৰ্মচাৰী। টকা হিচাপ কৰাৰ পিছত দুই কোটি টকাৰ ভিতৰত তেৰ হাজাৰ টকা কম পায় ছিছ প্রচেজাৰৰ কৰ্মচাৰী। এই বিষয়ে ছিছ প্রচেজাৰ নামৰ সংস্থাৰ ফালৰ পৰা বেংক কৰ্তৃপক্ষক লিখিত ভাবে জনোৱা হয় যদিওঁ বেংক কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত আৰক্ষীৰ কাষ চাপে ছিছ প্রচেজাৰ নামৰ কোম্পানীটো। ছিছ প্রচেজাৰ কোম্পানীৰ অভিযোগত ধুবৰী ষ্টেট বেংকৰ শাখাত এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰা হয় যত উপস্থিত থাকে এগৰাকী দণ্ডাধীশ পৰ্যায়ৰ বিষয়া আৰু উপ আৰক্ষী অধীক্ষকৰ লগতে ধুবুৰী সদৰ আৰক্ষী বিষয়া। তদন্তৰ পিছত ধুবৰী উপ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে যে বহু দিনৰ পৰাই ধুবুৰী ষ্টেট বেংকত এনে ধৰণৰ ঘটনা সংঘটিত হৈ আছে।তদন্তত ষ্টেট বেংকৰ এনে ভয়ংকৰ জালিয়াতি পোহৰলৈ অহাৰ পিছত ধুবুৰী ষ্টেট বেংকৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত কেনে ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়াই লক্ষণীয় বিষয়।