নিউজ ডেস্ক, সংবাদ ৩৬৫, ১২ ছেপ্টেম্বৰ : ডিব্ৰুগড়ত মহৰমৰ তাজিয়া সমদল উলিওৱাৰ নামত ৰাজপথত তাণ্ডৱ সৃষ্টি কৰা আন এজন যুৱকক আটক ডিব্ৰুগড় আৰক্ষীৰ ।

উল্লেখযোগ্য যে মঙলবাৰে অৰ্থাৎ মহৰমৰ দিনা ডিব্ৰুগড়ৰ ৰাজপথত তাজিয়া প্ৰদৰ্শনৰ নামত ভাঙি চূৰ্ণ–বিচূৰ্ণ কৰিছিল দুখনকৈ বাহনৰ আইনা। ৰাজপথৰ কাষত ৰখাই থোৱা আছিল বাহন দুখন। হাতত মাৰণাস্ত্ৰ আৰু তৰোৱাল লৈ ডিব্ৰুগড়ৰ ৰাজপথত তাণ্ডৱৰ সৃষ্টি কৰিছিল আৰু উক্ত ঘটনাক লৈ ছচিয়েল মিডিয়াত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইয়াৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে ফুলকান হুছেইন নামৰ এজন যুৱকক আটক কৰিছিল আৰু সম্প্ৰতি আন এজনক আটক কৰে আৰক্ষীয়ে । আটক কৰা যুৱকজনৰ নাম আখতাৰ খান ওৰফে আজাদ খান ।