নিউজ ডেস্ক, ২৩ জুলাই, ২০২৫ : অৰুণাচল প্ৰদেশৰ দুইমুখত সৰ্প দংশনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ (Health Department) ব্যাপক গাফিলতি আৰু অনিয়মৰ কথা পোহৰলৈ আহিছে। এই সন্দৰ্ভত ৰাজ্যখনৰ বৃহৎ চৰকাৰী চিকিৎসালয় তথা চিকিৎসা মহাবিদ্যালয় “ট’ম ৰিবা ইনষ্টিটিউট অব হেল্থ এণ্ড মেডিকেল চাইন্স হস্পিটেল” চমুকৈ ‘থ্ৰীমছ’ত মঙলবাৰে উপস্থিত হয় দেশৰ অন্যতম অন্ধবিশ্বাস বিৰোধী নেতা, যুক্তিবাদী চিন্তাবিদ, ৰাষ্ট্ৰীয় মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়া।

উল্লেখযোগ্য যে বিগত ১৭ জুলাইৰ পুৱতিনিশা ৰাজেন জ্ঞাদী নামৰ এজন যুৱকক সৰ্পই দংশন কৰে আৰু সৰ্প দংশন কৰাৰ কেইমিনিটমানৰ পিছতে যুৱকজন নাহৰলগুনস্থিত ট’ম ৰিবা চিকিৎসা মহাবিদ্যালয়ত (থ্ৰীমছ) উপস্থিত হয়। উপস্থিত হোৱা পিছত জৰুৰীকালীন কৰ্তব্যৰত উপস্থিত থকা চিকিৎসকে জীৱন দায়নী ঔষধ, সৰ্প দংশনত প্ৰয়োগ কৰা এণ্টি স্নেক ভেনম চিকিৎসালয়ত মজুত নথকাৰ বাবে এখন উকা কাগজৰ টুকুৰাত এটি ইঞ্জেকচনৰ নাম লিখি যুৱকজনৰ হাতত অৰ্পন কৰে। গভীৰ নিশা নাহৰলগুনৰ পৰা ইটানগৰলৈ যুৱকজনৰ পৰিয়ালৰ লোকে ইঞ্জেকচন বিচাৰি হাবাথুৰি খাই অৱশেষত ইটানগৰস্থিত ৰামকৃষ্ণ মিশ্যন হস্পিটেল চৌহদৰ পৰা পাঁচটাকৈ “এন্টি স্নেক ভেনম” তিনি হেজাৰ এশ ওঠৰ টকাত ক্ৰয় কৰি আনি ট’ম ৰীবা চিকিৎসা মহাবিদ্যালয়ত জমা দি ১৭ জুলাইৰ পুৱা চাৰে চাৰি বজাৰ পৰা চিকিৎসা গ্ৰহণ কৰে।

মানৱাধিকাৰ উলংঘনৰ এই গুৰুতৰ ঘটনাৰ খবৰ পাই ৰাষ্ট্ৰীয় মহাসংঘ মানৱাধিকাৰ পৰিষদৰ জ্যেষ্ঠ উপ-সভাপতি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সামাজিক কৰ্মী ড০ দিব্যজ্যোতি শইকীয়া গুৱাহাটীৰ পৰা অৰুণাচল প্ৰদেশৰ দুইমুখৰ নিৰ্যাতিত যুৱকজনৰ কাষত উপস্থিত হৈ ঘটনাৰ বুজ লয়। ইয়াৰ পাছত তেওঁ একালৰ জনপ্ৰিয় ৰাজনীতিবিদ ট’ম ৰীবাৰ নামত থকা চিকিৎসালয় ‘থ্ৰীমছ’ত গৈ ঘটনাৰ সবিশেষ মুখ্য অধীক্ষক দুখুম ৰাইনাৰ পৰা জানিব বিচাৰত তেওঁ ঘটনাৰ দিনা সঁচাকৈ জীৱন দায়িনী এন্টি স্নেক ভেনম চিকিৎসালয়ত মজুত নাছিল আৰু তলৰ কৰ্মচাৰীয়ে তেওঁক উক্ত এণ্টি স্নেক ভেনম মজুত নথকাৰ কথা জনোৱা নাছিল বুলি কয়। ডাক্তৰ ৰাইনাই লগতে জনাই যে সৰ্প দংশন কৰা সৰ্পটো অবিষাক্ত আছিল আৰু অৰুণাচল প্ৰদেশত সৰ্প দংশনৰ চিকিৎসা কৰিব পৰা কোনো প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসা কৰ্মী নাই।

এতিয়া প্ৰশ্ন হ’ল যে দেশৰ প্ৰতিখন ৰাজ্যৰ সৰু বৰ চিকিৎসালয়তে এন্টি স্নেক ভেনম মজুত ৰখাটো স্বাস্থ্য বিভাগৰ প্ৰাথমিক দায়িত্ব। কিন্তু এনে ক্ষেত্ৰত কিয় থ্ৰীমছ চিকিৎসালয়ে এন্টি স্নেক ভেনম মজুত ৰখা নাছিল? চিকিৎসকৰ মতে যদি দংশন কৰা সৰ্পটো অবিষাক্ত আছিল তেতিয়া কিয় পাঁচটাকৈ এন্টি স্নেক ভেনমৰ ইনজেকচন প্ৰদান কৰা হ’ল? চৰকাৰী চিকিৎসালয়ত এনেধৰণৰ চিকিৎসা সুলভ আৰু বিনামূলীয়া হোৱাৰ পিছতো কিয় ৰোগীয়ে হাৰাশাস্তি পাব লগা হ’ল? কিয় থ্ৰীমছৰ চিকিৎসক আৰু চিকিৎসাকৰ্মী সকল এনেধৰণৰ জৰুৰীকালীন চিকিৎসাৰ বাবে প্ৰশিক্ষণ প্ৰাপ্ত নহয়? অৰুণাচল প্ৰদেশৰ স্বাস্থ্য বিভাগে কিয় প্ৰশিক্ষণৰ ব্যবস্থা কৰা নাই? এনে ধৰণৰ নানান প্ৰশ্ন উত্থাপন কৰিছে আন্তৰাষ্ট্ৰীয় খ্যাতিপ্ৰাপ্ত তথা আন্তৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় মানৱাধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই।

এই স্পৰ্শকাতৰ বিষয়টো অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খান্দুক হস্তক্ষেপ কৰি অনাগত দিনত এনে অনাহত পৰিস্থিতিৰ সন্মুখীন যাতে ৰাজ্যখনৰ সাধাৰন নাগৰিক নহয় তাৰ প্ৰতি উচিত পদক্ষেপ ল’বলৈ তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে অন্ধবিশ্বসৰ বিৰুদ্ধে আৰু সৰ্প দংশনৰ চিকিৎসাৰ প্ৰতি সাধাৰন নাগৰিকক সজাগ কৰাৰ লগতে অসমৰ প্ৰায় সমূহ চৰকাৰী চিকিৎসালয়ত সৰ্প দংশনৰ সুলভ চিকিৎসা ব্যবস্থা কৰিবৰ বাবে অসম চৰকাৰক দাবী জনাই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ মানৱাধিকাৰ তথা সমাজ কৰ্মী হ’ল ড০ দিব্যজ্যোতি শইকীয়া।