লখিমপুৰ, ২৭ অক্টোবৰ, ২০২৩ : লখিমপুৰৰ সোৱণশিৰী নদী হঠাৎ অস্বাভাৱিকভাৱে শুকাই গৈছে। নামনিত নৈৰ তৰাং বুকুত মাছ ধৰিছে ৰাইজে। প্ৰশাসনে ৰেড এলার্ট জাৰি নকৰিলে নামনিত জল প্ৰলয়ৰ আশংকা, কৰা হৈছে। প্ৰাপ্ত খৱৰ মতে ড্ৰাইভাৰশ্যনেল টানেলৰ সন্মুখত পাহাৰ খহি বন্ধ হৈ পৰাত বৃহৎ বান্ধটো অতিক্ৰম কৰি পানী আহিব পৰা নাই। ফলত শুকাই গৈছে নামনিত সোৱণশিৰি।

আশংকা কৰা হৈছে যে বান্ধৰ উজনিত সাগৰ সদৃশ পানী জমা হোৱাৰ বাবে সেই পানীয়ে বান্ধ ভাঙে নে পাহাৰ খহাই মহতিয়াই আহে তাৰ একো ঠিক নাই। উল্লেখ্য যে ১৯৫০ চনৰ বৰ ভুঁইকঁপত এনেদৰে ৰাক্ষস মুখত পাহৰ খহি সাদিন সোৱণশিৰি বন্ধ হৈ থকাৰ অন্তত পাহাৰ ভাঙি বৈ অহা পর্বত প্রমাণ পানীয়ে গোগামুখ নিচিহ্ন কৰি থৈ গৈছিল। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিলৈ সোৱণশিৰি নদীৰ প্ৰবাহ হ্ৰাস হোৱাৰ সন্দৰ্ভত আজি এন এইছ পি চিৰ পৰামৰ্শদাতা এ এন মহম্মদে এক বিবৃত্তিত কয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৫ টা ৯.৫ মিটাৰ ব্যাসৰ ডাইভাৰ্চন টানেল ভিতৰত ব্যৱহাৰ হৈ থকা একমাত্ৰ ১ নম্বৰ ডাইভাৰ্চন টানেলটো, আজি পুৱা প্ৰায় ১১.৩০ বজাত ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰে।

বাকী ৪ টা ডাইভাৰ্চন টানেল ইতিমধ্যে বন্ধ কৰা হৈছিল। ফলস্বৰূপে নদীৰ প্ৰবাহ নামনিলৈ যথেষ্ট হ্ৰাস পায়। বান্ধ স্পিলৱেৰ স্তৰ ১৪৫ মিটাৰ (সমুদ্র পৃষ্ঠৰ পৰা)। বৰ্তমানৰ ৯৯৭ ঘণমিটাৰ/ছেকেণ্ডৰ নদীৰ প্রবাহ জলাশয়ত সঞ্চিত হৈ আছে আৰু জলাশয় টোৰ পানীৰ স্তৰ বৃদ্ধি পাই আছে। দুপৰীয়া ১ বজাত, পানীৰ স্তৰ ১৩৯ মিটাৰত উপনীত হৈছিল। এই ঘটনা সন্দৰ্ভত লখিমপুৰত উপস্থিত থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে অদূৰ ভৱিষ্যতে দুহেজাৰ মেগাৱাত সম্পন্ন উক্ত নামনি সোৱণশিৰী প্ৰকল্পই প্ৰলয়ৰ সৃষ্টি কৰা সম্পূৰ্ণ সম্ভাৱনা আছে।

এই প্ৰকল্পৰ নামনি অংশত যদি এন এইচ পি চি তথা কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান নকৰে তেতিয়া বহু নিৰীহে মৃত্যুক সাৱতিব লাগিব। সেয়ে সময় থাকোতে বিভাগীয় কৰ্তৃপক্ষই উচিত পদক্ষেপ লোৱাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই দাবী জনায়।