তিনিচুকীয়া, ১৭ জুন, ২০২৪ : ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল তিনিচুকীয়াৰ বাৰেকুৰী দীঘলসাকোবাসী ৰাইজ। দীঘলসাকোবাসী ৰাইজৰ ড্ৰাগছৰ বিৰোধী সবল পদক্ষেপক প্ৰশংসা ড০ দিব্যজ্যোতি শইকীয়াৰ (Dibyajyoti Saikia)। বৰ্তমান সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ ভিন্ন অঞ্চলৰ যুৱ প্ৰজন্ম পৰিছে ড্ৰাগছৰ কবলত। বিশেষকৈ তিনিচুকীয়া জিলাত ড্ৰাগছৰ কু প্ৰভাৱে এটা প্ৰজন্মক নিঃশেষ কৰাৰ দিশে অগ্ৰসৰ হৈছে।

অসমৰ বিভিন্ন অঞ্চলৰ লগতে তিনিচুকীয়া জিলাত সময়ে সময়ে চৰকাৰ প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সমান্তৰালভাৱে বিভিন্ন সংস্থা আৰু দল-সংগঠনে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে যদিও আশানুৰূপ সুফল পৰিলক্ষিত হোৱা নাছিল। কিন্তু এক ঘেয়ামি কাৰ্যসূচী সমূহৰ পৰিবৰ্তে ২০২১ বৰ্ষৰ পৰা অসমৰ যুক্তিবাদী চিন্তাবিদ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানব অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত বিভিন্ন সংগঠনৰ সহযোগত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত কেইবালানি ড্ৰাগছ বিৰোধী অভিযান, সজাগতা সভা, কৰ্মশালা আদি কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হৈছে।

এই ড্ৰাগছ বিৰোধী কাৰ্যসূচীত বিনামূলী়ায়াকৈ ড০ দিব্যজ্যোতি শইকীয়াই প্ৰেৰনাত্মক বক্তব্যৰ দ্বাৰা এক জন জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ বিগত ফ্ৰেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ প্ৰায় মাহজোৰা এলানি ড্ৰাগছ বিৰোধী জনজাৰণ প্ৰেৰণাত্মক কাৰ্যসূচী ৰূপায়ন কৰাৰ পৰবৰ্তী পৰ্যায়ত তিনিচুকীয়াৰ বৃহত্তৰ বৰেকুৰী অঞ্চলৰ লোক ড০ দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰনাত্মক বক্তব্যত উৎসাহিত হৈ শ শ লোক ড্ৰাগছৰ বিৰুদ্ধে ওলায় আহি ড্ৰাগছ গ্ৰহণকাৰী আঠজনকৈ যুৱকক নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লগতে স্থানীয় ড্ৰগছৰ বেহাৰ লগত জড়িত লোকক সতৰ্কবাণী প্ৰদান কৰি সামাজিকভাৱে ব্যবস্থা গ্ৰহণৰ বাবে সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰি বৰ্তমান ড্ৰাগছ নিৰ্মূল কৰিবলৈ সক্ষম হোৱা কাৰ্যক আদৰণি জনায়।

দুদিন পূৰ্বে ড০ দিব্যজ্যোতি শইকীয়া হঠাৎ তিনিচুকীয়াত উপস্থিত হৈ বৰেকুৰিবাসী ৰাইজক ভূয়সী প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। তিনিচুকীয়াত উপস্থিত হৈ বিশিষ্ট সমাজ কৰ্মী গৰাকীয়ে কয় যে ড্ৰাগছ বিৰোধী যুঁজখনত য’ত কিঞ্চিৎ সফল হোৱাত মই পুনৰ কাম কৰিবলৈ মানসিক শক্তি লাভ কৰিছোঁ। সেয়ে শীঘ্ৰে পুণৰ তিনিচুকীয়ালৈ আহি ড্ৰাগছৰ বিৰূদ্ধে ধাৰাবাহিক অভিযান চলাব বুলি উল্লেখ কৰে বিশিষ্ট সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই।