গৌৰীপুৰ, ২৪ জুন, ২০২৪ : দীর্ঘদিন ধৰি চলি আছিল নাৰী দেহৰ ব্যৱসায়। ৰাইজৰ বাৰম্বাৰ বাধাৰ পিছতো চলাই গৈছে নাৰী দেহৰ ব্যৱসায়। অৱশেষত ওলাই আহিল ৰাইজ। উৎখাত কৰিলে নাৰী দেহ ব্যৱসায়ৰ ঘাটি। নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত ছয় গৰাকী মহিলাসহ পাঁচজন পুৰুষক আটক কৰিলে। নাৰী দেহ ব্যৱসায় ঘাটিৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰি অগ্নি সংযোগ কৰিলে (Tension In Panbari)।

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰমৰমীয়াভাৱে নাৰী দেহৰ ব্যৱসায় চলি থকা ঘাটি হঠাৎ চলিল ৰাইজৰ অভিযান। ৰাইজৰ অভিযানত ছয় গৰাকী মহিলাসহ পাঁচজন পুৰুষ পৰিল জালত। নাৰী দেহৰ এই ৰমৰমীয়া ব্যৱসায় চলাই আছিল ধুবুৰী জিলাৰ পানবাৰীত ঘাইপথৰ কাষতে। ধুবুৰী জিলাৰ গৌৰীপুৰ পানবাৰীত ৰাইজে নাৰী দেহৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত ছয় গৰাকী মহিলা আৰু পাঁচজন পুৰুষক আটক কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

জানিব পৰা মতে, ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰীত জেল হক আৰু ছফিউৰ ৰহমান ওৰফে চফীৰ ঘৰত তেওঁৰ পত্নী জয়নৱ বিবিৰ নেতৃত্বত দীৰ্ঘদিন ধৰি নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। ৰাইজে কেইবাবাৰো ইয়াৰ বিৰোধিতা কৰি এই অবৈধ ব্যৱসায় বন্ধ কৰিবলৈ সকীয়ানি প্ৰদান কৰিছিল যদিও পৰিয়ালটোৱে নাৰী দেহৰ অবৈধ ব্যৱসায় চলাই গৈছিল। অৱশেষত ৰাইজ অতিষ্ঠ হৈ এক গোপন খবৰ ভিত্তিত অভিযান চলাই ঘৰটোৰ পৰা ছয় গৰাকী মহিলা আৰু পাঁচজন পুৰুষ আটক কৰিবলৈ সক্ষম হয়।

উত্তেজিত ৰাইজে নাৰী দেহ ব্যৱসায় ঘাটিৰ ঘৰ দুৱাৰ, আজবাহ ভাঙি চুৰমাৰ কৰাৰ লগতে বিছনা পত্ৰ আদিত অগ্নি সংযোগ কেই জ্বলাই দিয়ে। পিছত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে নাৰী দেহৰ ব্যৱসায়ৰ লগত জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে নাৰী দেহ ব্যৱসায় বন্ধ কৰক, জেল হক আৰু ছফিউৰ ৰাহমানক শাস্তি প্ৰদান কৰক আদি শ্লো’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

গৌৰীপুৰ আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হোৱা ছয় গৰাকী মহিলা আৰু পাচঁজন পুৰুষক আটক কৰি থানালৈ লৈ যায়। উল্লেখযোগ্য যে অঞ্চলটোৰ স্থানীয় ৰাইজৰ অভিযোগ যে পৰিয়ালটোৱে বহু দিনৰ পৰা নাৰী দেহৰ এই অবৈধ ব্যৱসায় চলাই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি আছিল। ৰাইজৰ বাধাকো কেৰেপ নকৰি পৰিয়ালটোৱে এই ব্যৱসায় চলাই আছিল। নাৰী দেহৰ ঘাটি সঘনাই সন্দেহজনক পুৰুষ-মহিলাৰ অহাযোৱা আছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।