নিউজ ডেস্ক, ৫ জানুৱাৰী, ২০২৪ : মটৰ শ্ৰমিক সকলৰ যৌথ মঞ্চই আহ্বান জনোৱা চকা বন্ধৰ ব্যাপক প্ৰভাৱ ৰাজ্যত। নতুন হিট এণ্ড ৰান আইনৰ (Hit and Run) বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিল চালক সকলৰ লগতে মটৰ শ্ৰমিক সকল। ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিনিজ্যিক বাহন চলাচলত বাধা প্ৰদান। আৰক্ষীয়ে প্ৰতিবাদকাৰী সকল বাধা প্ৰদান কৰিবলৈ বহু ঠাইত লাঠি চালনা কৰিবলৈ বাধ্য হয়। নতুন হিট এণ্ড ৰান আইন বাতিল কৰাৰ দাবী।

নতুন হিট এণ্ড ৰান আইনৰ বিৰোধিতাৰে ৰাজ্যৰ যাতায়াত ব্যৱস্থা অচল কৰিলে চালক আৰু মটৰ শ্ৰমিক সকলে। উজনিৰ পৰা নামনিলৈকে মটৰ শ্ৰমিক সকলৰ যৌথ মঞ্চই আহ্বান জনোৱা চকা বন্ধৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা যায়। ৰাজ্যৰ ৰাজপথ সমূহ স্তব্ধ হৈ পৰাত সমস্যাৰ সন্মুখীন হৈছে যাত্ৰী সকল। দুদিয়ানী কৈ আহ্বান জনোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰথম দিনাই ৰাজপথলৈ ওলাই আহি চালক সকল আৰু মটৰ শ্ৰমিক সকলে সকলো ধৰণৰ বাণিজ্যিক বাহন চলাচলত বাধা প্ৰদান কৰা দেখিবলৈ পোৱা যায়।

ৰাজ্যত মটৰ শ্ৰমিক সন্থাৰ কৰ্মবিৰতিৰ ফলত অচল হৈ পৰিছে ৰাজ্যৰ পৰিবহণ ব্যৱস্থা। মটৰ শ্ৰমিক মঞ্চৰ কেইবাটাও সংগঠনৰ এই কৰ্মবিৰতি কাৰ্যসূচীত সমৰ্থন জনাইছে অসম মটৰ শ্ৰমিক ইউনিয়ন আৰু পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে। কৰ্মবিৰতিৰ ফলত অচল ৰাজ্যৰ সকলো যাতায়াত আৰু পৰিবহন সেৱা। শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা অসম আৰু উত্তৰ-পূবত দুদিনৰ বাবে এই কৰ্মবিৰতি ঘোষণা কৰিছে মটৰ শ্ৰমিক সন্থাই। শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা বন্ধ হৈ পৰিছে যাত্ৰীবাহী বাছৰ লগতে অ’লা-উবেৰ সমূহৰ চলাচল। বন্ধ হৈ পৰিছে চিলিণ্ডাৰৰ লগতে তেল পৰিবাহী বিভিন্ন বাহনৰ চলাচলো।

কেৱল জৰুৰীকালীন সেৱাৰ লগত জড়িত বাহন সমূহৰ চলাচল অব্যাহত আছে। কেন্দ্ৰীয় চৰকাৰৰ নতুন আইন ভাৰতীয় ন্যায় সংহিতা-২০২৩ ৰ অধীনৰ হিট এণ্ড ৰান গোচৰৰ বিৰোধিতাৰে চালক সকলৰ আৰু মটৰ শ্ৰমিক সকলে এই কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই নতুন আইনৰ বাতিলৰ দাবী জনাইছে চালকসকলৰ কেইবাটাও সংগঠনে। ইতিমধ্যেই মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তীশগড়, পশ্চিম বংগ, পাঞ্জাৱত চালকসকলে আৰম্ভ কৰিছে প্ৰতিবাদ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। দেশৰ ভিন্ন ৰাজ্যৰ লগতে অসমৰ সকলো জিলাতে চালকসকল নামি পৰিছে প্ৰতিবাদত।

এই কৰ্মবিৰতি কাৰ্যসূচীৰ আহ্বান কৰিছে পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নেও। মটৰ শ্ৰমিক সকলৰ এই কৰ্মবিৰতি সন্দৰ্ভত শুকুৰবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হোৱা পৰিবহন বিভাগৰ বৈঠকত এক বিশেষ জাননী জাৰী কৰা হয়, এই জাননী অনুসৰি জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোক সকলে কৰিব নোৱাৰিব প্ৰতিবাদ। ৬ মাহলৈ শ্ৰমিক, ট্ৰেংকাৰ চালক, তেল শোধনাগাৰ কৰ্মচাৰীয়ে কৰিব নোৱাৰিব প্ৰতিবাদ। ইফালে এই কৰ্মবিৰতিৰ প্ৰথম দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰিবলৈ লাঠি চালনা কৰিবলৈ বাধ্য হয়।