নগাঁও : প্রায় ৩৬ কোটি টকাৰ জব্দকৃত ড্ৰাগছ বিনষ্টকৰণৰ বাবে দেওবাৰে নগাঁও জিলাৰ বঢ়মপুৰৰ ৰঙাজান ষ্টেডিয়ামত আয়ােজিত এক কাৰ্যসূচীত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখন ‘সােণালী ত্রিভুজ’ৰ ওচৰত থকাৰ বাবে ই দীর্ঘদিন ধৰি দেশৰ আন প্রান্তলৈ ড্ৰাগছ সৰবৰাহৰ পৰিবহণ পথ হিচাপে ব্যৱহৃত হৈ আহিছে। ড্রাগছ সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে কাম কৰি চৰকাৰে কেৱল ড্ৰাগছ ব্যৱসায়ৰ ওপৰত প্ৰভাৱ পেলােৱাই নহয়, ৰাজ্যখনৰ মাজেৰে দেশৰ আন প্রান্তলৈ ড্ৰাগছৰ সৰবৰাহাে বন্ধ কৰিবলৈ সক্ষম হৈছে।

জব্দকৃত ড্ৰাগছত অগ্নিসংযােগৰ সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “জব্দ কৰা ড্ৰাগছৰ জ্বলন্ত জুইয়ে আমাৰ চৰকাৰৰ ড্ৰাগছমুক্ত অসম আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান অবিৰতভাৱে অব্যাহত ৰখা প্রতিশ্রুতিৰ প্রতীক। অসমক নিচাযুক্ত দ্রব্যৰ পৰিবহন পথ হিচাপে ব্যৱহাৰ কৰাটো আৰু আমাৰ যুৱক-যুৱতীসকলক নিষিদ্ধ ঔষধৰ চিকাৰ বনােৱাটো আমাৰ চৰকাৰে কেতিয়াও সহ্য নকৰে।” উল্লেখযােগ্য যে যােৱা দুমাহ ধৰি ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ আপােচহীন পদক্ষেপ ফলস্বৰূপে হেৰ’ইন, গাঞ্জা, অপিয়াম, কাফ চিৰাপৰ টেবলেট, মর্ফিন, পপী আদিকে ধৰি বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছে।

ৰাজ্য চৰকাৰে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ যাৱতীয় অনুমােদন সাপেক্ষে এন ডি পি এছ আইন, ১৯৮৫ অনুসৰি জব্দকৃত ড্ৰাগছসমূহ দাহনৰ মাধ্যমেৰে ইয়াক বিনষ্ট কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। ভাষণ প্রসংগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ‘সােণালী ত্রিভুজ’ৰ সৈতে অসমৰ ভৌগােলিক সুচলতাৰ সুযােগ লৈ কিছুমান অসামাজিক উপাদানে ৰাজ্যখনৰ ভূমিক ড্ৰাগছ সৰবৰাহৰ পৰিবহন পথ হিচাপে ব্যৱহাৰ কৰি আহিছে। ড্রাগছ সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ আপােচহীন স্থিতিৰ ফলস্বৰূপে ১৬৩.৫৮ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

ৰাজ্যৰ বিভিন্ন প্রান্তত জব্দ কৰা ড্ৰাগছ বিনষ্ট কৰাৰ ক্ষেত্ৰত আৰক্ষী প্রশাসন আৰু অসমৰ জনসাধাৰণৰ স্বতঃস্ফূর্ত সমর্থন কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই কাৰ্যসূচীৰ প্রতি সমাজৰ স্বতঃস্ফূর্ত সমর্থনে অসমক দেশৰ আন প্রান্তলৈ ড্ৰাগছপৰিবহনৰ পথ হিচাপে ব্যৱহাৰ কৰাটো বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰখনৰ প্রতিশ্রুতিবদ্ধতা আৰু ৰাষ্ট্ৰীয় কর্তব্যক অধিক শক্তিশালী কৰি তুলিছে। মুখ্যমন্ত্রীয়ে লগতে কয় যে যােৱা দুদিনত ১৬৩.৫৮ কোটি টকাৰ জব্দকৃত ঔষধ ধ্বংস কৰাটোৱে ড্ৰাগছ ব্যৱসায়ত জড়িত ধনৰ পৰিমাণৰ ইংগিত বহন কৰে। ব্যৱসায়টোত জিএছটি ফাঁকিও অন্তর্ভুক্ত হৈ আছে, যি ৰাষ্ট্রৰ অর্থনীতিত আন এক কুঠাৰাঘাত। অসম চৰকাৰে এই ব্যৱসায়ৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ প্রতিশ্রুতিবদ্ধ।

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ পৰা ড্রাগছ সৰবৰাহৰ ভয়াবহতা দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে মণিপুৰ আৰু নাগালেণ্ড চৰকাৰৰ সৈতে সমন্বয়ৰে কাম কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ড্রাগছৰ ব্যৱসায় আৰু সৰবৰাহৰ সৈতে জড়িত লােকসকলক কঠোৰতম শাস্তি প্রদান কৰিব লাগে। সেয়েহে অসম আৰক্ষীয়ে দেশৰ আইনৰ পৰিকাঠামােৰ ভিতৰত থাকি কোনােধৰণৰ সহানুভূতি অবিহনে ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে পদক্ষেপ লােৱা উচিত। ড্ৰাগছ আসক্তসকলৰ সন্দৰ্ভত বক্তব্য ৰাখি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলােকে যাতে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহি এক স্বাভাৱিক জীৱন যাপন কৰিব পাৰে, তাৰ বাবে তেওঁলােকৰ সঠিক পুনর্সংস্থাপনৰ প্ৰয়ােজনীয়তা আছে। তেওঁ লগতে কয় যে অসম আৰক্ষীয়ে ড্ৰাগছ আসক্তসকলক সমাজৰ মূলসুঁতিলৈ ঘূৰি অহাত সহায় কৰিবলৈ পুনর্সংস্থাপন কেন্দ্ৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত আগভাগ লােৱা উচিত।

নগাঁৱত অনুষ্ঠিত এই ড্রাগছ বিনষ্টকৰণ কাৰ্যসূচীত হেৰ’ইন, ব্রাউন চুগাৰ, গাঞ্জা, অপিয়াম, কাফ চিৰাপ, টেবলেট, এমফেটামাইন আদি বহুসংখ্যক নিচাযুক্ত সামগ্রী বিনষ্ট কৰা হয়। ড্ৰাগছ বিনষ্ট অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰ গতিত চলিব। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ড্ৰাগছ বিনষ্ট অনুষ্ঠানৰ পৰাই ড্ৰাগছ অবৈধ বেহাৰ লগত জড়িত লোক সকলক কঠোৰ সকীয়নি প্ৰদান কৰি কয় সমাজখনক পংগু কৰা এই অবৈধ বেহাৰ লগত জড়িত এজনো ব্যক্তি আৰক্ষীৰ হাতৰ পৰা ৰক্ষা নপৰে। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই লগতে কয় যে অসম ড্ৰাগছমুক্ত হ’বই আৰু ইয়াৰ বাবে অসম আৰক্ষী সংকল্পবদ্ধ।