গৌৰীপুৰ, ৩০ ডিচেম্বৰ, ২০২৩ : ড্ৰাগছ বিৰোধী অভিযানৰ (War Against Drugs) সমান্তৰালে অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচী। পুনৰ বিনষ্ট কৰা হ’ল কেইবাকোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচীত উপস্থিত থাকে কেইবাগৰকী উচ্চ পদস্ত আৰক্ষী বিষয়া। আৰক্ষীৰ শেহতীয়া ড্ৰাগছ বিৰোধী অভিযানৰ শলাগ লৈ এই অভিযান অধিক তীব্রতৰ কৰাৰ আহ্বান ৰাইজৰ।
ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ইতিমধ্যে লাভ কৰিছে কেইবাটাও বৃহৎ সাফল্য। কোটি কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে বহু ড্ৰাগছ মাফিয়াক। ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানৰ সমান্তৰালে চলাই গৈছে ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচী।
অসম আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ বিৰোধী অভিযান চলাই জব্দ কৰা বুজন পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ বিনষ্ট কৰিছে। শনিবাৰে পুনৰ কেইবাকোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ বিনষ্ট কৰে ধুবুৰী আৰক্ষীয়ে। ধুবুৰী জিলাৰ গৌৰীপুৰ আলমগঞ্জৰ ৰঙামাটিত ধুবুৰী আৰক্ষীয়ে এক ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচী ৰূপায়ন কৰে। এই ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচীত বিনষ্ট কৰা হয় ১৮ কোটি ৫৭ লাখ ২৮ হাজাৰ ১০০ টকাৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ।
ধুবুৰী আৰক্ষীৰ উদ্যোগত ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচীত ১,৮২৯ কিলোগ্ৰাম গাঞ্জা, ২৮২ গ্ৰাম হে’ৰইন, ১৬০ গ্ৰাম ব্ৰাউন চুগাৰ, ট ৫০ হাজাৰ নিচাযুক্ত টেবলেট আৰু ৮৬ হাজাৰ নিষিদ্ধ কফ চিৰাপ বিনষ্ট কৰা হয়। এই ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচীত উপস্থিত থাকে ধুবুৰী আৰক্ষী অধীক্ষকৰ লগতে কেইবাগৰাকী উচ্চ পদস্ত আৰক্ষী বিষয়া। বিনষ্ট কৰা এই বুজন পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছখিনিৰ বজাৰ মূল্য ১৮ কোটি ৫৭ লাখ ২৮ হাজাৰ ১০০ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
মুঠ ৯২ টা গোচৰৰ ধুবুৰী জিলাৰ চাৰিখনকৈ থানাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল এই বুজন পৰিমাণৰ ড্ৰাগছখিনি। ধুবুৰী আৰক্ষী অধীক্ষক নবীন সিঙে কয় “ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। ধুবুৰী আৰক্ষীয়ে নিজৰ ড্ৰাগছ বিৰোধী অভিযানকালত কেইবাটাও গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে। অনাগত দিনত ড্ৰাগছৰ লগত জড়িত লোক সকলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ধুবুৰীক ড্ৰাগছ মুক্ত কৰাই ধুবুৰী আৰক্ষীৰ প্ৰধান লক্ষ্য”। ধুবুৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ শলাগ লৈছে স্থানীয় ৰাইজে।